ভাৰত-ৰাছিয়াৰ সামুদ্ৰিক মিত্ৰতাঃ স্বাক্ষৰিত হ'ল গুৰুত্বপূৰ্ণ চুক্তি...

এই বুজাবুজি চুক্তিসমূহৰ লক্ষ্য হৈছে সংযোগ শক্তিশালী কৰা, জাহাজ নিৰ্মাণ ক্ষমতা বৃদ্ধি কৰা, আৰু দুয়োখন দেশৰ মাজত সামুদ্ৰিক সহযোগিতা আগুৱাই নিয়া।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ভাৰত আৰু ৰাছিয়াই দুখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰি সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হয়। এই বুজাবুজি চুক্তিসমূহৰ লক্ষ্য হৈছে সংযোগ শক্তিশালী কৰা, জাহাজ নিৰ্মাণ ক্ষমতা বৃদ্ধি কৰা, আৰু দুয়োখন দেশৰ মাজত সামুদ্ৰিক সহযোগিতা আগুৱাই নিয়া।

সামুদ্ৰিক সংযোগৰ কৌশলগত গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (আইএনএছটিচি), উত্তৰ সাগৰীয় পথ (এনএছআৰ), আৰু চেন্নাই-ভ্লাডিভষ্টক ইষ্টাৰ্ণ মেৰিটাইম কৰিডৰ (ইএমচি)ত নবী শক্তিৰে আগবাঢ়ি যাব।

WhatsApp Image 2025-12-05 at 8.14.47 PM (1)

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধি কৰাটোৱেই আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ। আমি আইএনএছটিচি (INSTC), উত্তৰ সাগৰীয় পথ আৰু চেন্নাই–ভ্লাদিভোস্তক কৰিড'ৰসমূহত নতুন শক্তিৰে আগুৱাই যাম। মই আনন্দিত যে আমি এতিয়া মেৰু অঞ্চলৰ জলভাগৰ বাবে ভাৰতীয় নাৱিকসকলক প্ৰশিক্ষণ দিয়াত সহযোগিতা আগবঢ়াম। ই কেৱল মেৰু অঞ্চলত আমাৰ সহযোগিতাকেই শক্তিশালী নকৰে, বৰঞ্চ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন নিয়োগৰ সুযোগো সৃষ্টি কৰিব।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, "একেদৰে, জাহাজ নিৰ্মাণত আমাৰ গভীৰ সহযোগিতাই 'মেক ইন ইণ্ডিয়া'ক শক্তিশালী কৰাৰ ক্ষমতা ৰাখে। আমাৰ জয় নিশ্চিত,অংশীদাৰিত্বৰ এক উৎকৃষ্ট উদাহৰণ, যিয়ে নিয়োগ, দক্ষতা আৰু আঞ্চলিক সংযোগ-এই সকলোবোৰকে একেদৰে প্ৰসাৰিত কৰিব।"

উল্লেখ্য যে, ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত সামুদ্ৰিক সহযোগিতাৰ অংশস্বৰূপে হোৱা প্ৰথমটো বুজাবুজিৰ চুক্তি মূলতঃ মেৰু জলভাগৰ পৰিচালনাৰ বাবে ভাৰতীয় নাৱিকসকলৰ প্ৰশিক্ষণৰ ওপৰত কেন্দ্ৰীভূত। এই চুক্তিখন ভাৰতীয় সামুদ্ৰিক খণ্ডৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো ই যুৱ নাৱিকসকলক বিশ্বৰ অন্যতম জটিল জলপথত কাৰ্যনিৰ্বাহ কৰাৰ বিশেষ দক্ষতা প্ৰদান কৰিব।

ভাৰত আৰু ৰাছিয়াই আজি সামুদ্ৰিক নীতিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ দ্বিতীয়টো গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত (MoU) স্বাক্ষৰ কৰে। এই চুক্তিখন দুয়োখন দেশৰ মাজত নীতিগত সমন্বয়ৰ বাবে এক সুসংগঠিত ব্যৱস্থা স্থাপনৰ লক্ষ্যৰে কৰা হৈছে। এই চুক্তিত ৰাছিয়ান ফেডাৰেচনৰ মেৰিটাইম ব'ৰ্ড আৰু ভাৰতৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰণালয়ৰ মাজত স্বাক্ষৰিত হয়।

এই কাঠামোৱে দুয়োখন দেশক বিশেষকৈ সামুদ্ৰিক সুৰক্ষা (maritime safety), নিৰাপত্তা (security), আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সাগৰ আৰু মহাসাগৰসমূহৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ দৰে বিষয়সমূহত সহযোগিতা কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত সামুদ্ৰিক চুক্তি সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, এই সহযোগিতাই ভাৰতৰ সামুদ্ৰিক উচ্চাকাংক্ষাক শক্তিশালী কৰাৰ লগতে স্পষ্ট সামাজিক-অৰ্থনৈতিক সুবিধা সৃষ্টি কৰিছে। মন্ত্ৰী সোণোৱালে এই সন্দৰ্ভত এক বিস্তৃত বক্তব্য আগবঢ়ায়।

মন্ত্ৰী সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে ভাৰত-ৰাছিয়া সামুদ্ৰিক সহযোগিতাৰ এক নতুন অধ্যায় গঢ় দিয়াত এক নিৰ্ধাৰক ভূমিকা গ্ৰহণ কৰিছে। মেক ইন ইণ্ডিয়াৰ অধীনত জাহাজ নিৰ্মাণক শক্তিশালী কৰি, ভাৰত মহাসাগৰৰ পৰা মেৰু অঞ্চললৈ কৌশলগত কৰিড'ৰৰ জৰিয়তে সংযোগ উন্নত কৰি, আৰু মেৰু অভিযানৰ বাবে আমাৰ নাৱিকসকলক অত্যাধুনিক দক্ষতাৰে সজ্জিত কৰি, আমি দ্ৰুত আৰু স্থিতিস্থাপক বাণিজ্য পথ সৃষ্টি কৰিছো, ভৱিষ্যতৰ বাবে সাজু হোৱা নিয়োগ সৃষ্টি কৰিছো, আৰু গোলকীয় সুযোগৰ নতুন দিগন্ত মুকলি কৰিছো।"

ৰাছিয়া ভাৰত