ভাৰতৰে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ ৰাছিয়াৰ

১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্য চুক্তিৰ পৰা প্ৰতিৰক্ষা প্ৰতিশ্ৰুতিলৈ  একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ ৰাছিয়াৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-06 at 4.49.19 PM

ডিজিটেল ডেস্কঃ ভাৰত-ৰাছিয়াৰ সম্পৰ্ক কেইবা দশক পুৰণি। এই পুৰণি সম্পৰ্কই লৈছে ন ৰূপ।  বহু ঘন্টাজোৰা বৈঠকৰ অন্তত অৱশেষত সংবাদ মাধ্যমৰ সন্মুখীন হ’ল দুয়োগৰাকী ৰাষ্ট্ৰ নেতাই। এফালে ভাৰতৰ প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোডী আনপিনে পুটিন। দুয়োগৰাকী ৰাষ্ট্ৰ নেতাই বহু কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে।  ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্য চুক্তিৰ পৰা প্ৰতিৰক্ষা প্ৰতিশ্ৰুতিলৈ একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ ৰাছিয়াৰ।

image (4)

প্ৰণিধানযোগ্য যে, বাণিজ্য চুক্তিত তেওঁলোকে উল্লেখ কৰিছে যে, ২০৩০ চনলৈকে বাণিজ্যিক ৰোডমেপ তৈয়াৰ কৰিছে ভাৰত আৰু ৰাছিয়াই।এই সময়ছোৱাত নতুন দিল্লী আৰু মস্কোৱে ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইপিনে সংবাদমেলত  দুয়োখন দেশে একেলগে শক্তি, বিদুৎ আৰু পাৰমাণৱিক খণ্ডৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে  দুয়োগৰাকী ৰাষ্ট্ৰ নেতাই। এইবাৰ ভাৰতৰ চেন্নাই আৰু ৰাছিয়াৰ ভ্লাডিভষ্টকক সাগৰীয় পথেৰে সংযোগ কৰা হ’ব বুলি উল্লেখ কৰে সংবাদমেলত। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদমেলত তামিলনাডুৰ এটা পাৰমাণৱিক শক্তি কেন্দ্ৰ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ উপৰিও ভাৰত আৰু ৰাছিয়াই যৌথ সামৰিক প্ৰশিক্ষণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

image (5)

সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ৰাছিয়াই দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। দুয়োখন দেশে একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে। ইয়াৰ উপৰিও দুয়োখন দেশে বৈজ্ঞানিক গৱেষণা, দুয়োখন দেশৰ মাজত পৰ্যটন বৃদ্ধি, আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইজনে সিজনৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাছিয়া