/asomiyapratidin/media/media_files/2025/10/22/1-2025-10-22-23-24-51.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘৰ গ্ল’বেল ফৰেষ্ট ৰিচ’ৰ্ছ এচেছমেণ্ট (জিএফআৰএ) ২০২৫ অনুসৰি ভাৰতে বিশ্বৰ মুঠ বনাঞ্চলৰ ৰেংকিঙত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাত ভাৰত মুঠ বনাঞ্চলৰ দিশৰ পৰা বিশ্বৰ নৱম স্থানলৈ উন্নীত হৈছে।
পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবে কৈছে যে ভাৰতে যোৱাবাৰৰ মূল্যায়ণত দশম স্থান লাভ কৰিছিল আৰু এইবেলি নৱম স্থান লাভ কৰি গুৰুত্বপূর্ণ সাফল্য অর্জন কৰিছে। এই কৃতিত্বই বন সুৰক্ষা, বনানিকৰণ আৰু সমূহীয়া প্ৰচেষ্টাৰে পৰিবেশ সংৰক্ষণৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচীসমূহৰ সাফলতাকে প্রতিফলিত কৰে।
ভাৰতে বনভূমিৰ বার্ষিক বৃদ্ধিৰ দিশৰ পৰা বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ পৰা পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দেশৰ নিৰন্তৰ প্রতিশ্রুতিবদ্ধতা ৰ কথা প্রতিফলিত হৈছে।
তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ এজোপা গছ মাৰ নামত উদ্যমে সমগ্র দেশৰ নাগৰিকসকলক গছপুলি ৰোপন কৰিবলৈ আৰু সেউজ তথা নিকা ভৱিষ্যতৰ প্ৰতি অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে।