/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/corona-1.jpg)
ডিজিটেল ডেস্কঃ একেৰাহে দ্বিতীয় দিনৰ বাবে ভাৰতত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ২লাখৰো অধিক লোক। বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ২লাখ ১৭হাজাৰ ৩৫৩গৰাকী লোক। ইফালে মৃত্যু হোৱা লোকৰ সংখ্যা ১,১৮৫গৰাকী।
উল্লেখ্য যে, দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চিকিতসাধীন লোকৰ সংখ্যা ।বৰ্তমান ১৫লাখ ৬৯হাজাৰ ৭৪৩গৰাকী ৰোগী চিকিতসাধীন হৈ আছে ভাৰতত। দেশত ১১কোটি ৭২লাখ ২৩হাজাৰ ৫০৯গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।