ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে কয় যে, বিশ্বৰ ভিতৰত কোভিডত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰত। ইফালে, প্ৰতিদিনাই হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা। যোৱা ২ মাহতে এই সংখ্যা তিনি গুণ হ্ৰাস পাইছে।
দেশত এটা দিনত এই ভাইৰাছত আক্ৰান্ত ৫৩,২৮৫জন লোক আৰোগ্য হোৱাৰ পাছত সোমবাৰলৈ এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৭৫,৪৪,৭৯৮জনলৈ পাইছে বৃদ্ধি। ইফালে, নতুনকৈ ৪৫,২৩১জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। স্বাস্থ্য মন্ত্ৰণালয় লগতে জনাই যে বৰ্তমানো দেশত ৫,৬১,৯০৮জন কোভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে। এয়া হৈছে মুঠ আক্ৰান্তৰ ভিতৰত ৬.৮৩ শতাংশ।