/asomiyapratidin/media/media_files/2026/02/02/ujjjdd-2026-02-02-11-52-44.jpg)
ডিজিটেল ডেস্কঃ ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ঠিক আগতে ভাৰত-পাকিস্তানৰ মেচখনক কেন্দ্ৰ কৰি পৰিস্থিতি ক্ৰমাগতভাৱে বেয়া হোৱা যেন দেখা গৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দলে ভাৰতৰ বিৰুদ্ধে খেলিব নোৱাৰিব। কাৰণ উল্লেখ কৰা হৈছে পাকিস্তান চৰকাৰৰ নিৰ্দেশ। এই সিদ্ধান্তই ক্ৰিকেট অনুৰাগীৰ আশাক ভেঙুচালি কৰাই নহয় আই চি চিৰ ৰাজহক লৈও গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মেচখনেই হৈছে আইচিচিৰ যিকোনো প্ৰতিযোগিতাত সৰ্বাধিক চৰ্চিত ইভেণ্ট। এই মেচখন কেৱল ক্ৰিকেটৰ কথা নহয়, আৱেগ আৰু হাই ভল্টেজ পেকেজ। টিভি আৰু ডিজিটেল প্লেটফৰ্মত দৰ্শকৰ সংখ্যা অভিলেখ ভংগ কৰে ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচে। এই মেচৰ ভিত্তিত সম্প্ৰচাৰকসকলে বৃহৎ পেকেজ ক্ৰয় কৰে।
সাধাৰণতে ভাৰত-পাকিস্তানৰ মেচ এখনত প্ৰায় ১০০ কোটি ₹ (প্ৰায় ১ বিলিয়ন ডলাৰ) ৰাজহ সংগ্ৰহ কৰা হয়। ভাৰত-পাকিস্তান টি-২০ মেচৰ সময়ত বিজ্ঞাপনৰ মূল্য আকাশলংঘী। খবৰ অনুসৰি এই মেচৰ সময়ত ১০ ছেকেণ্ডৰ এটা বিজ্ঞাপনৰ দাম ২৫ৰ পৰা ৪০ লাখ টকাৰ ভিতৰত। অৰ্থাৎ কেৱল এটা মেচতে প্ৰায় ২০০ কোটি টকাৰ ৰাজহ পোৱা যায়।
যদি এই মেচখন খেলা নহয় তেন্তে এই সকলো ৰাজহ কেৱল নোহোৱা হৈ যাব। ইয়াৰ ফলত আইচিচিয়ে লাভ কৰা সম্প্ৰচাৰ মাচুলৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us