/asomiyapratidin/media/media_files/2026/02/10/ndjjdjd-2026-02-10-10-32-40.jpg)
ডিজিটেল ডেস্কঃ নাটকৰ যৱনিকা পৰিল পাকিস্তানৰ। নেখেলো নেখেলো বুলি নাটক কৰা পাকিস্তান অৱশেষত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব। টি২০ বিশ্বকাপ ২০২৬ত ১৫ ফেব্ৰুৱাৰীত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। ইয়াৰ সূচী আইচিচিয়ে পূৰ্বে ঘোষণা কৰি থৈছে।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি পাকিস্তান চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল যে তেওঁলোকে এই মেচ বহিষ্কাৰ কৰিব। ইয়াৰ পিছত আইচিচি সৰৱ হৈ পৰিছিল। আইচিচিৰ এটা দল বৰ্তমান পাকিস্তানত আছে, যিয়ে পিচিবিৰ সৈতে আলোচনা কৰি আছে। তাৰ পৰাই খবৰ আহিছে যে, পাকিস্তানে তিনিটা বিশেষ চৰ্তৰ ভিত্তিত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব।
পাকিস্তান ক্ৰিকেট বৰ্ডে আই চি চিৰ সন্মুখত চৰ্ত ৰাখিছে যে, আইচিচিৰ পৰা পাবলগীয়া ৰাজহতো নিজৰ অংশ বিচাৰিছে। ইয়াৰ লগতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এয়াও বিচাৰিছিল যে ভাৰতীয় দলে পাকিস্তানী খেলুৱৈৰ সৈতে মেচৰ সময়ত কৰমৰ্দন কৰক।
আইচিচিয়ে স্পষ্ট কৰি দিছে যে ভাৰত আৰু পাকিস্তানৰ মাজত ছিৰিজৰ বাবে হস্তক্ষেপ কৰিব নোৱাৰে। এয়া বিচিচিআই আৰু ভাৰত চৰকাৰৰ বিষয়, তেওঁলোকে ইয়াত হস্তক্ষেপ নকৰে। ইয়াৰ পিছত আন এটা দাবী আহিছিল যে ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ মাজত এখন ছিৰিজ খেলা হওক। এই দাবীও খাৰিজ কৰে আইচিচিয়ে।
পাকিস্তানৰ বেগী বলাৰ ছলমান মিৰ্জাই কয় যে দলে সম্পূৰ্ণৰূপে বিশ্বকাপ খেলাৰ প্ৰস্তুতি চলাইছে আৰু চৰকাৰে অনুমতি দিলে ভাৰতৰ বিৰুদ্ধে ১৫ ফেব্ৰুৱাৰীৰ মেচ খেলিব। পাকিস্তান দলে টি২০ বিশ্বকাপ ২০২৬ৰ পৰৱৰ্তী মেচ আছে ১০ ফেব্ৰুৱাৰীত আমেৰিকাৰ বিৰুদ্ধে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us