ভাৰত নে ইণ্ডিয়া! কি ক’লে উচ্চতম ন্যায়ালয়ে…

ভাৰত নে ইণ্ডিয়া! কি ক’লে উচ্চতম ন্যায়ালয়ে…

ডিজিটেল ডেস্কঃ ইংৰাজে দি যোৱা ইণ্ডিয়া নামটো আৰু নাথাকিব নেকি? ইয়াক লৈ চৰ্চা আৰু বিতৰ্ক অব্যাহত আছে। ভাৰতৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে 'ভাৰত' ৰখাৰ যুক্তি প্ৰদৰ্শনেৰে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এজন ব্যক্তি। স্বাধীনতা আন্দোলনৰ সময়তো ইণ্ডিয়াৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল ভাৰত। শ্লোগান দিয়া হৈছিল 'ভাৰত মাতা কি জয়।'

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানিত মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত কয় যে, ভাৰত আৰু ইণ্ডিয়া এই দুয়োটা নামেই আছে সংবিধানত। 'ইণ্ডিয়া্ক' হোৱা হয় ভাৰত। ইয়াৰ পূৰ্বেও ২০১৬ চনত এই ধৰণৰ আন এক আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত। যিখন আবেদন তেতিয়া মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰে খাৰিজ কৰিছিল।

এই বিষয়টোত হস্তক্ষেপ কৰিব নোৱাৰো বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে বিষয়টো বিৱেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ এক জাননী জাৰি কৰে। লগতে ন্যায়ালয়ে আবেদনকাৰীক এই সন্দৰ্ভত গৃহমন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰাৰ পৰামৰ্শ দিয়ে। উল্লেখ্য যে, এই বিষয়টো আবেদনৰ শুনানি গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ এছ এ ববডে নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in