ডিজিটেল ডেস্কঃ চিকিৎসা বিজ্ঞান তথা ঔষধ প্ৰস্তুতকৰণত আগবাঢ়িছে ভাৰত। এই দাবী কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱৰ। শেহতীয়াকৈ ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ’ৰামৰ বাৰ্ষিক অনুষ্ঠানত তেওঁ কয় যে, ভাৰতে ঔষধৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা এবছৰত সমগ্ৰ বিশ্বতে বিতৰণ কৰা ৮ বিলিয়ন ভেকচিনৰ আধাখিনিয়েই ভাৰতত প্ৰস্তুত কৰা হৈছে।
ভাৰত এতিয়া বিশ্বৰ জেনেৰিক ঔষধ (ভেকচিন)ৰ ক্ষেত্ৰত তৃতীয় বৃহত্তম উৎপাদনকাৰী আৰু মূল যোগানকাৰী দেশ। এই খণ্ডটোত ভাৰতৰ এনে সফলতাৰ বাবেই বিশ্বজুৰি স্বাস্থ্যসেৱা ব্যৱস্থাত যথেষ্ট সঞ্চয় হৈছে। কেৱল সেয়াই নহয়, আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰে উন্নত ৰাষ্ট্ৰৰ স্বাস্থ্যসেৱা খণ্ডতো ভাৰতে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে কয়, “ভাৰতীয় ঔষধ উদ্যোগে বিশ্বলৈ আগবঢ়োৱা অৱদানৰ প্ৰমাণ হৈছে আমেৰিকাৰ বাহিৰত ভাৰততে সৰ্বাধিক সংখ্যক আমেৰিকান এফ ডি এ অনুমোদিত ঔষধ উদ্যোগ আছে। আমেৰিকাৰ বাহিৰত এফ ডি এ অনুমোদিত মুঠ ঔষধ উদ্যোগৰ ২৫ শতাংশই আছে ভাৰতত।
ভাৰতীয় কোম্পানীসমূহৰ ঔষধে ২০২২ চনত আমেৰিকাৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ ১৮,৪০,৫৮৫ কোটি টকা ৰাহি কৰিছিল।তোৰোপৰি ২০১৩ চনৰ পৰা ২০২২ চনৰ ভিতৰত মুঠ ১,০৯,২৫,৮৫০ কোটি টকা সঞ্চয় কৰিছে।
ভাৰত এতিয়া ভেকচিন উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰ হৈছে। বিশ্বত প্ৰস্তুত হোৱা সকলো ভেকচিনৰ ৫০ শতাংশই উৎপাদন হয় ভাৰতৰ। কেৱল বিগত এবছৰত সমগ্ৰ বিশ্বতে প্ৰস্তুত কৰা আৰু বিতৰণ কৰা ৮ বিলিয়ন ভেকচিন ড'জৰ ভিতৰত ৪ বিলিয়ন ড'জেই ভাৰতত প্ৰস্তুত কৰা হৈছে বুলিও স্বাস্থ্য সচিবগৰাকীয়ে উল্লেখ কৰে।
উল্লেখ্য যে, এক শক্তিশালী স্বাস্থ্যসেৱা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ ভাৰতে চিকিৎসা শিক্ষাত উন্নতি সাধন কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আইন আৰু আনুসাংগিক আইনেৰে পুৰণি চিকিৎসা প্ৰণালী আৰু কৰ্ম আঁচনীক সলনি কৰা হৈছে। ইয়াৰ ফলত চিকিৎসা আৰু নাৰ্চিং কলেজৰ সংখ্যা আৰু নামভৰ্তি যথেষ্ট বৃদ্ধি পাইছে।
চৰকাৰী প্ৰচেষ্টাই ভাৰতত স্বাস্থ্যসেৱাৰ গুণগত মান, পৰিসৰ আৰু খৰচ-বহনক্ষমতা ক্ৰমান্বয়ে উন্নত কৰিছে। ফলস্বৰূপে ভাৰত ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী এক দক্ষ স্বাস্থ্য কৰ্মশক্তি উৎপাদন কৰিবলৈ সাজু হৈছে।
লগতে তেওঁ কয় যে, আমাৰ সম্প্ৰসাৰিত স্বাস্থ্যসেৱাৰ এয়াই প্ৰমাণ যে পৰিয়ালসমূহে স্বাস্থ্যসেৱা বা সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত বহন কৰা নিজ ব্যয় (OOPE)২০১৩-২০১৪ চনৰ পৰা ২০২১-২০২২ চনৰ ভিতৰত ২৫ শতাংশ হ্ৰাস কৰিছে।
স্বাস্থ্য খণ্ডত ভাৰত-আমেৰিকাৰ শক্তিশালী অংশীদাৰিত্বৰ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য সচিবগৰাকীয়ে কয়, "চোৰাংচোৱা, মহামাৰীৰ প্ৰস্তুতি আৰু এন্টিমাইক্ৰ’বিয়াল প্ৰতিৰোধৰ ক্ষেত্ৰত নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ'লৰ (এনচিডিচি) আৰু ইউ এছ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি ) ৰ সৈতে আমাৰ অংশীদাৰিত্ব আছে।
আমেৰিকাৰ চিডিচিৰ সহযোগত আয়োজন কৰা এনচিডিচি আৰু আইচিএমআৰ ফিল্ড এপিডেমিঅ'লজি ট্ৰেইনিং প্ৰগ্ৰেম (এফইটিপি)ৰ ভাৰতে শলাগ লৈছে। আমি এই কথা জনাবলৈ পাই সুখী যে এতিয়ালৈকে ২০০ ৰো অধিক মহামাৰী চোৰাংচোৱা সেৱা (ইআইএছ) বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে। ৫০ জন বৰ্তমান বিভিন্ন মাধ্যমেৰে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
ইয়াৰোপৰি ভাৰত আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰই বায় ফাৰ্মাচিউটিকেল যোগান শৃংখল অনুকুল কৰাৰ বাবে এক যুটীয়া কৌশলগত পৰিকাঠামো আৰম্ভ কৰিবলৈ সন্মত হৈছে। বায়’-৫ এলায়েন্সৰ জৰিয়তে এই যোগান শৃংখলাক অনুকুল কৰি তোলাৰ লগতে শক্তিশালী কৰি তোলা হ'ব। এই পদক্ষেপে বায় ফাৰ্মাচিউটিকেল যোগান কোনো একক উৎস বা যোগান কৰ্তাৰ ওপৰতে নিৰ্ভৰশীল যাতে হ’ব নালাগে সেয়াও নিশ্চিত কৰিব।
২০২৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি জো বাইডেনে কৰ্কটৰ বিৰুদ্ধে যুঁজখন ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ফলস্বৰূপে আগষ্ট মাহৰ পৰা আমেৰিকা-ভাৰত কৰ্কট মুনশ্বট ডাইলগ উদ্বোধন কৰা হৈছিল।
পুণ্যয়াই উল্লেখ কৰে যে, এই পদক্ষেপৰ লক্ষ্য হৈছে আমেৰিকা-ভাৰতৰ জৈৱ চিকিৎসা গৱেষণাৰ সহযোগিতা বৃদ্ধি কৰা, বিশেষকৈ ছাৰ্ভাইকেল কেন্সাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা। এই ক্ষেত্ৰত এইমছ আৰু টাটা মেম’ৰিয়েল হস্পিতালৰ দৰে প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব অন্তৰ্ভুক্ত কৰা হৈছে ।
ভাৰতৰ 'এক বিশ্ব, এক স্বাস্থ্য'ৰ দৃষ্টিভংগীক তুলি ধৰাৰ উদ্দেশ্যে ভাৰতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কেন্সাৰ পৰীক্ষা আৰু ৰোগ নিৰ্ণয়ৰ বাবে ৭৫ লাখ ডলাৰৰ অনুদান আগবঢ়াইছে। ভাৰতে এই অঞ্চলত ৰেডিঅ’থেৰাপি আৰু কেন্সাৰ প্ৰতিৰোধৰ প্ৰচেষ্টাতো সহায় কৰিব। ইয়াৰ বাবে ৪ কোটি টকাৰ বৰঙণি আগবঢ়াব।
Also Read: 'তথ্য লুকুৱাইছে চৰকাৰে, অসমৰ অবৈধ বিদেশীৰ সংখ্যা ৪০ লাখতকৈ অধিক'- লুৰীণ