/asomiyapratidin/media/media_files/2025/09/09/india-2025-09-09-11-52-13.jpg)
ডিজিটেল ডেস্কঃ ভাৰত আৰু ইজৰাইলৰ মাজত যোৱা সোমবাৰে নতুন দিল্লীত দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইটি) স্বাক্ষৰিত হয়। এই চুক্তিয়ে কৰি দুয়োখন দেশৰ মাজত বিত্তীয় আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰা বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ইজৰাইলৰ সমকক্ষ বেজালেল স্মোট্ৰিচৰ মাজত স্বাক্ষৰিত এই সন্ধি। বিত্ত মন্ত্ৰালয়ে এক্সৰ এটা পোষ্টত কয় যে, "ভাৰত চৰকাৰ আৰু ইজৰাইল ৰাজ্য চৰকাৰে নতুন দিল্লীত দ্বিপাক্ষিক বিনিয়োগ চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্মোট্ৰিচে বিআইটিত স্বাক্ষৰ কৰে।"
সংবাদ সংস্থা এএনআইৰ উদ্ধৃতিৰে ইজৰাইলৰ বিত্ত মন্ত্ৰালয়ে কয় যে, ইজৰাইলৰ বিত্তমন্ত্ৰী বেজালেল স্মোট্ৰিচ আৰু ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে স্বাক্ষৰিত নতুন দ্বিপাক্ষিক বিনিয়োগ চুক্তিয়ে দুয়োখন দেশৰ বিনিয়োগকাৰীৰ মাজত পাৰস্পৰিক বিনিয়োগৰ সুবিধা প্ৰদান কৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us