/asomiyapratidin/media/media_files/2025/06/30/web-ap-anand-2025-06-30-10-58-18.jpg)
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত ভূ-ৰাজনৈতিক পৰিস্থিতি, যোগান শৃংখলত ব্যাঘাত আৰু নতুন শুল্ক নীতিৰ বাবে বিশ্বজুৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্থিতি জটিল হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিততভাৰতে বিশ্ব বাণিজ্যৰ বাবে এক শক্তিশালী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে। এই বিশ্বাস মহিন্দ্ৰা গোটৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ।
মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ বাৰ্ষিক প্ৰতিবেদনত শ্বেয়াৰ হোল্ডাৰসকলক সম্বোধন কৰি আনন্দ মহিন্দ্ৰাই উল্লেখ কৰে যে, “বিশ্বব্যাপী অনিশ্চয়তা আৰু বিনিয়োগকাৰীৰ আস্থা হ্ৰাসৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ গতি মন্থৰ হৈ পৰিছে। সুৰক্ষাবাদৰ ক্ৰমবৰ্ধমান ঢৌৱে বহু বছৰ ধৰি চলি অহা উদাৰ বাণিজ্য ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছে, যাক প্ৰধানকৈ আমেৰিকাৰ শুল্ক নীতিয়ে দৃশ্যমান কৰি তুলিছে।”
বিশ্বৰ বহু দেশ বিশেষকৈ গ্ৰাহক সামগ্ৰী আৰু ইলেক্ট্ৰনিকছৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। এই খণ্ডবোৰ ইনপুট খৰচৰ বৃদ্ধিৰ প্ৰভাৱত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে। আনন্দ মহিন্দ্ৰাই এই ক্ষেত্ৰত স্পষ্টকৈ কয়, “চীনৰ ওপৰত থকা নিষেধাজ্ঞা আৰু অতি বেছি শুল্কই ভাৰতীয় সামগ্ৰীৰ বাবে নতুন বজাৰ মুকলি কৰিব। ফিলিপাইনছ আৰু ভিয়েটনামৰ দৰে দেশসমূহে ইতিমধ্যে নিজকে উৎপাদনৰ কেন্দ্ৰ হিচাপে প্ৰচাৰ কৰিছে, কিন্তু ভাৰতৰ স্থিতিশীল গণতান্ত্ৰিক ব্যৱস্থা, বিশ্বাসযোগ্যতা আৰু শক্তিশালী সামৰিক ক্ষমতাই আমাক এক বিশেষ স্থান প্ৰদান কৰিছে,” বুলি আনন্দ মহিন্দ্ৰাই সদৰি কৰে।
ভাৰতৰ নবীকৰণযোগ্য শক্তি, প্ৰতিৰক্ষা আৰু ডিজিটেল আন্তঃগাঁথনি খণ্ডসমূহক লৈ বেছি মনোযোগ আকৰ্ষিত হৈছে। কোম্পানীসমূহে যদি নিজৰ ব্যৱসায়িক কৌশলসমূহ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংলগ্ন কৰে, তেন্তে সেইবোৰ উদ্যোগে শক্তিশালী বৃদ্ধি লাভ কৰিব বুলি আনন্দ মহিন্দ্ৰাই অভিমত প্ৰকাশ কৰিছে।
তেওঁৰ মতে, “ভাৰত এতিয়া বিশ্ব বাণিজ্যৰ নতুন মাধ্যাকর্ষণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সুস্থিৰ অৱস্থাত আছে। এক বিশ্বাসযোগ্য আৰু স্থিতিশীল গণতন্ত্ৰ হিচাপে, ভাৰতক বিশ্বই ভবিষ্যতৰ বাবে এটা সুৰক্ষিত স্থান ৰূপে চাবলৈ ধৰিছে।”
মহিন্দ্ৰাৰ অধ্যক্ষৰ এই দৃষ্টিভংগীয়ে স্পষ্টকৈ ইঙ্গিত দিয়ে যে, বিশ্ব বাণিজ্যৰ পৰিৱর্তনশীল দিশত ভাৰত এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। এই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে, ভাৰত বিশ্ব ব্যৱসায়ৰ এক মুখ্য কেন্দ্ৰ হোৱাৰ থল আছে।