/asomiyapratidin/media/media_files/2025/09/04/ujjjd-2025-09-04-12-16-34.jpg)
ডিজিটেল ডেস্কঃট্ৰাইৰ প্ৰতিবেদনৰ তথ্য অনুসৰি ভাৰতত মুঠ ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা ২০২৫ চনৰ মাৰ্চ মাহৰ শেষৰ ফালে ৯৬.৯১ কোটিৰ পৰা ২০২৫ চনৰ জুন মাহৰ শেষলৈকে ১০০.২৮ কোটি লৈ বৃদ্ধি পাইছে। যোগাযোগ মন্ত্ৰালয়ে ৩ ছেপ্টেম্বৰত ভাৰতৰ টেলিকম ৰেগুলেটৰী অথৰিটিৰ ‘ভাৰতীয় টেলিকম সেৱাৰ প্ৰদৰ্শন সূচক প্ৰতিবেদন’ত ২০২৫ চনৰ মাৰ্চ-জুন ত্ৰৈমাসিকৰ বাবে ভাৰতত মুঠ ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা প্ৰকাশ কৰিছে।
এই ১০০ কোটিৰো অধিক গ্ৰাহকৰ ভিতৰত ৪.৪৭ কোটি গ্ৰাহকৰ তাঁৰযুক্ত ইণ্টাৰনেট সংযোগ আছিল, আনহাতে ৯৫.৮১ কোটিৰ বেতাঁৰ সংযোগ আছে।
- ট্ৰাইৰ তথ্য অনুসৰি ভাৰতত মুঠ ইণ্টাৰনেট / ব্ৰডবেণ্ড গ্ৰাহকৰ সংখ্যা ২০২৫ চনৰ ৩০ জুনলৈকে ১০০.২৮ কোটি।
- পূৰ্বৰ ত্ৰৈমাসিকৰ তুলনাত ৩.৪৮ শতাংশ বৃদ্ধি।
- মুঠ গ্ৰাহকৰ ভিতৰত ২.৩১ কোটি নেৰ’বেণ্ড গ্ৰাহক; আনহাতে ৯৭.৯৭ কোটি ব্ৰডবেণ্ড গ্ৰাহক।
- ইয়াৰ উপৰিও ৪.৪৭ কোটি লোক তাঁৰযুক্ত ইণ্টাৰনেট সেৱাৰ গ্ৰাহক; আনহাতে ৯৫.৮১ কোটি গ্ৰাহকে বেতাঁৰ ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰে।
- জনগাঁথনিৰ ক্ষেত্ৰত নগৰীয়া ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা প্ৰায় ৫৭.৯৪ কোটি, আনহাতে গ্ৰাম্য ইণ্টাৰনেট গ্ৰাহকৰ সংখ্যা ৪২.৩৩ কোটিত বহু পিছ পৰি থকা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us