/asomiyapratidin/media/media_files/2025/04/28/Ne2SBzJ5hrqUg26fJ4Pq.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত এতিয়া যুদ্ধসদৃশ পৰিৱেশ। যিকোনো মুহূৰ্ততে হ'ব পৰা যুদ্ধৰ বাবে সাজু ভাৰতীয় সৈন্য। ভাৰত-পাকিস্তানৰ যুদ্ধৰ বাবে প্রয়োজনীয় প্রাথমিক কুচকাৱাজসমূহো কৰিবলৈ আৰম্ভ কৰিছে ভাৰতে।
আজি ভাৰত আৰু ফ্রান্সৰ মাজত স্বাক্ষৰিত হ’ল বৃহৎ সামৰিক চুক্তি। ৰাফেল যুদ্ধ বিমান ক্রয়ক লৈ চুক্তিত স্বাক্ষৰ কৰিলে দুয়োখন দেশে। সৰ্বমুঠ ৬৩ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰি ফ্রান্সৰ পৰা ভাৰতে ক্রয় কৰিব ২৬খন ৰাফেল জেট।
নৌ সেনাৰ ব্যৱহাৰৰ বাবে শক্তিশালী ৰাফেল চুক্তিত স্বাক্ষৰ কৰি ফ্ৰান্সৰ প্ৰতিৰক্ষা কোম্পানী ডাছল্ট এভিয়েশনৰ পৰা এই বিমানসমূহ ক্ৰয় কৰিব। আজি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত কেবিনেট কমিটী অন ছিকিউৰিটি (চিচিএছ)য়ে ক্ৰয়ৰ অনুমতি দিয়াৰ তিনি সপ্তাহৰ পিছতে এই মেগা চুক্তিখন স্বাক্ষৰ কৰা হয়। টাৰ্মছ অৱ ৰেফাৰেন্সৰ অধীনত চুক্তি স্বাক্ষৰ কৰাৰ প্ৰায় পাঁচ বছৰৰ পিছত জেট বিমানৰ ডেলিভাৰী আৰম্ভ হ’ব লাগিব।
উল্লেখ্য যে, নৌসেনাৰ নতুন অস্ত্ৰসমূহ বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্যত নিয়োগ কৰা হ’ব, যাৰ ফলত সামুদ্ৰিক শক্তি অধিক শক্তিশালী হ’ব। ৰাফেল এমক বহুলভাৱে বিশ্বৰ অন্যতম উন্নত নৌসেনাৰ যুদ্ধ বিমান বুলি গণ্য কৰা হয়। বৰ্তমান কেৱল ফ্ৰান্সৰ নৌসেনাৰ হাতত এই জেটখন আছে।