/asomiyapratidin/media/media_files/2025/05/05/hrXRrhsUyGftbx3741gT.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে। চেনাব নদীৰ বাগলীহাৰ বান্ধৰ মাজেৰে পানীৰ প্ৰবাহ কৰ্তন কৰিছে ভাৰত চৰকাৰে। কেৱল সেয়াই নহয় পাকিস্তানক এসেকা দিবলৈ ভাৰতে ঝেলুম নদীত নিৰ্মিত কিষাণগংগা বান্ধৰ সন্দৰ্ভত একেধৰণৰ পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছে।
ভাৰতৰ এই পদক্ষেপে পাকিস্তানৰ কৃষি উৎপাদন আৰু বিদ্যুৎ উৎপাদন ক্ষমতাত প্ৰভাৱ পেলাব। উল্লেখ কৰা প্ৰয়োজন যে, জম্মুৰ ৰামবানৰ বাগলীহাৰ আৰু উত্তৰ কাশ্মীৰৰ কিষাণগংগা নামৰ জলবিদ্যুৎ বান্ধে ভাৰতক পানী নিৰ্গত হোৱাৰ সময় নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা প্ৰদান কৰিছে।
ইফালে বাগলীহাৰ বান্ধটোৰ বাবে চুবুৰীয়া দেশ দুখনৰ মাজত দীৰ্ঘদিনীয়া বিবাদৰ কেন্দ্ৰবিন্দু হৈ আহিছে, যাৰ বাবে পাকিস্তানে বিগত সময়ত বিশ্ব বেংকৰ পৰা মধ্যস্থতা বিচাৰিছিল। বিশেষকৈ ঝেলামৰ উপনৈ নীলুম নদীত ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত কিষাণগংগা বান্ধটোৱে আইনী তদন্তৰ সন্মুখীন হৈছে।
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বহু কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।