পাকিস্তানৰ বিৰুদ্ধে বেটে-বলে পৰাক্ৰম ভাৰতৰ...

আকৌ এবাৰ ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান। এইবাৰ মহিলা এদিনীয়া বিশ্বকাপৰ খেলত ভাৰতে বিধ্বস্ত কৰে পাকিস্তানক। শ্ৰীলংকাত অনুষ্ঠিত হোৱা খেলখনত ভাৰতে প্ৰথমৰ পৰাই অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
67fecc46-24d4-454d-aaea-13e4d4082f93

ডিজিটেল ডেস্কঃ  আকৌ এবাৰ ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান। এইবাৰ মহিলা এদিনীয়া বিশ্বকাপৰ খেলত ভাৰতে বিধ্বস্ত কৰে পাকিস্তানক। শ্ৰীলংকাত অনুষ্ঠিত হোৱা খেলখনত ভাৰতে প্ৰথমৰ পৰাই অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰতৰ দুৰ্দান্ত বেটিং-বলিং প্ৰদৰ্শনত ৮৮ ৰানত পৰাস্ত হৈ পাকিস্তান।

পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাই টছৰ সময়ত প্ৰথমে টেল বুলি কৈও পিছত হেড হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে পক্ষৰ পৰা কোনো আপত্তি উত্থাপন নকৰিলে। অ’পেনাৰ স্মৃতি মান্ধনা আৰু প্ৰতীকা ৰাৱালে প্ৰথমে বেটিং আৰম্ভ কৰে যদিও উইকেটৰ পতনৰ বাবে বৃহৎ স্ক’ৰ কৰাত বিফল হয়।

স্মৃতিয়ে ২৩ ৰানত এল বি ডব্লিউ আৰু প্ৰতীকা ৩১ ৰানত আউট হয়। ইয়াৰ পিছতে তিনি নম্বৰত বেটিঙত নামে হাৰ্লিন দেউল। লেগ ষ্টাম্পত ১৯ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক হৰমনপ্ৰীত কৌৰ। জেমাইমা ৰড্ৰিগেছে প্ৰাণ পাই দীপ্তী শৰ্মাৰ লগত যোগ দিয়ে। দীপ্তিয়ে ২৫ ৰান, স্নেহা ২০ ৰান সংগ্ৰহ কৰে।

অষ্টম স্থানত অহা ৰিচা ঘোষে ২০টা বলত ৩৫ ৰান সংগ্ৰহ কৰে। তেওঁৰ ধুমুহাময় ইনিংছত ভাৰতৰ মুঠ ইনিংছ ২৪৭লৈ বৃদ্ধি পায়। পাকিস্তানে বেটিং কৰিবলৈ ওলাই আহি আৰম্ভণিৰে পৰাই হেঁচাত পৰিছিল। প্ৰথম ১০ অভাৰত মাত্ৰ ২৫ ৰানহে কৰে। ছিদ্ৰা আমিনে ৮১ ৰান সংগ্ৰহ কৰিছিল যদিও শেষত পাকিস্তানৰ বাবে তেওঁৰ ইনিংছৰ কোনো লাভ নাছিল। ভাৰতীয় পেচাৰ ক্ৰান্তি গৌৰ আৰু ৰেনুকা সিং ঠাকুৰে পাকিস্তানী বেটছমেনৰ ওপৰত হেঁচা প্ৰয়োগ কৰে। অৱশেষত ৪৩ অভাৰত ১৫৯ ৰান সংগ্ৰহ কৰি পাকিস্তান অল আউট হয়। ক্ৰান্তিয়ে ৩টা, দীপ্তিয়ে ৩টা আৰু স্নেহাই ২টা উইকেট দখল কৰে।