৩০০ বিৰোধী সাংসদ একেলগ হৈ আজি কঁপাব দিল্লী...

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ প্ৰসংগক লৈ একগোট হৈছে বিৰোধী। এই বিষয়টোক লৈ সোমবাৰে একলগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব

author-image
Asomiya Pratidin
New Update
mjjd

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ প্ৰসংগক লৈ একগোট হৈছে বিৰোধী। এই বিষয়টোক লৈ সোমবাৰে একলগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব বিৰোধীয়ে। বিৰোধীৰ প্ৰায় ৩০০সাংসদ একলগ হৈ সংসদ ভৱনৰ পৰা নিৰ্বাচনৰ আয়োগৰ মুখ্য কাৰ্যালয়ৰ লৈকে পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। অৱশ্যে দিল্লী আৰক্ষীয়ে এতিয়ালৈকে কংগ্ৰেছক এই পদযাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা নাই।

বিৰোধীৰ এই পদযাত্ৰাত বিৰোধী দলসমূহৰ সকলো সভাপতিয়ে অংশ গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে কংগ্ৰেছে। পি টি আইৰ খবৰ অনুসৰি, বিৰোধী সকলো সাংসদক লৈ কংগ্ৰেছে দিল্লীৰ চাণক্যপুৰীস্থিত হোটেল তাজ পেলেজত আয়োজন কৰিছে নৈশ ভোজৰ লগতে বৈঠক। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে ৰাহুল গান্ধীৰ আৱাসত একলগ হৈ বিৰোধীৰ সকলো নেতা। 

ইফালে মহাৰাষ্ট্ৰতো বিৰোধী মিত্ৰজোঁটে বিৰোধী প্ৰদৰ্শন কৰিব আজিৰ দিনটোত। 

দিল্লী কংগ্ৰেছ বিজেপি ৰাহুল গান্ধী