পাকিস্তান কপিছে! পুনৰ ভাৰতীয় সেনাত হাতত পৰিব ১১৪খন ৰাফেল..

ভাৰতীয় বায়ু সেনাক লাগে ১১১খন অতিৰিক্ত ৰাফেল ফাইটাৰ যুজাৰু বিমান। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ ইতিমধ্যে এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে ভাৰতীয় বায়ু সেনাই।  অতি কমেও ২লাখ কোটি টকাৰ এই প্ৰকল্পত যদি চৰকাৰে সেউজ

author-image
Asomiya Pratidin
New Update
7bf999b1-26ee-4fba-9672-60ee9f966496

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাক লাগে ১১৪খন অতিৰিক্ত ৰাফেল ফাইটাৰ যুজাৰু বিমান। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ ইতিমধ্যে এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে ভাৰতীয় বায়ু সেনাই।  অতি কমেও ২লাখ কোটি টকাৰ এই প্ৰকল্পত যদি চৰকাৰে সেউজ সংকেত প্ৰদান কৰে, তেন্তে দেশৰ ইতিহাসত ই হ'ব সবাতোকৈ ডাঙৰ প্ৰতিৰক্ষাৰ প্ৰকল্প। 

উল্লেখ কৰা প্ৰয়োজন যে, যদিহে এই প্ৰকল্প সুচাৰুভাৱে প্ৰাৰম্ভিক সকলো কাম হৈ যায় তেন্তে ভাৰত আৰু ফান্সে যুটীয়াভাৱে প্ৰস্তুত কৰিব এই বিমানখিনি। এখন বিমানত প্ৰায় ৬০শতাংশ সামগ্ৰী ভাৰতৰ যুদ্ধ সামগ্ৰী ব্যৱহাৰ কৰা হব বুলি বায়ু সেনাই সদৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে ২০১৬চনৰ পৰা ফান্সৰ পৰা ভাৰতে ৩৬খনকৈ ৰাফেল বিমান ক্ৰয় কৰিছে।

শেহতীয়াকৈ পহলগাম হত্যাকাণ্ডৰ প্ৰতিশোধ ল’বলৈ , অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ পৰা চলা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় ধ্বংস কৰিবলৈ ৰাফেল যুদ্ধ বিমান ব্যৱহাৰ কৰিছিল। বৰ্তমান ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰা ৩৬ খন ৰাফেল যুদ্ধ বিমানত মিটিঅ’ৰ, মাইকা আৰু স্কেলপ মিছাইল সজ্জিত কৰা হৈছে। এই সকলোবোৰ ফৰাচী মিছাইল। কিন্তু মেক ইন ইণ্ডিয়া ৰাফেল যুদ্ধ বিমানখনত ভাৰতত নিৰ্মিত ক্ষেপণাস্ত্ৰও সজ্জিত কৰিব পাৰি।

মেক ইন ইণ্ডিয়া ৰাফেল যুদ্ধ বিমানখনে অৱশ্যে দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগিব, য’ত বিত্ত মন্ত্ৰালয়ৰ পৰা নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী (চিচিএছ) আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সমিতি প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদলৈ অনুমোদন লাভ কৰিব লাগিব। এনে পৰিস্থিতিত এই ১১৪খন ৰাফেল যুঁজাৰু বিমানৰ কিছুমান ফ্ৰান্সৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাটো যথেষ্ট সম্ভৱ। এই ১১৪খন ৰাফেল যুঁজাৰু বিমানৰ সহায়ত বায়ুসেনাই ৫-৬টা স্ক্ৱাড্ৰন স্থাপন কৰিব পাৰে। 

পাকিস্তান