২০২৫ ৰ প্ৰথমাৰ্ধত দেশত ৩.৮ গিগাৱাট সৌৰ অ'পেন এক্সেছ, ২.৮ গিগাৱাট ৰুফটপ সৌৰ সংযোজন

২০২৫ চনৰ প্ৰথমাৰ্ধত ভাৰতে ৩.৮ GW সৌৰ অপেন এক্সেছ ক্ষমতা সংযোজন কৰিছে। ২০২৪ চনৰ প্ৰথমাৰ্ধত সংযোজন কৰা ৩.৯ GWৰ তুলনাত এই সংখ্যা ৪ শতাংশ হ্ৰাস পাইছে।

author-image
Tushar Pratim
New Update
২০২৫ ৰ প্ৰথমাৰ্ধত দেশত ৩.৮ গিগাৱাট সৌৰ অ'পেন এক্সেছ, ২.৮ গিগাৱাট ৰুফটপ সৌৰ সংযোজন

ডিজিটেল ডেস্কঃ ২০২৫ চনৰ প্ৰথমাৰ্ধত ভাৰতে ৩.৮ গিগাৱাট (GW) সৌৰ অপেন এক্সেছ ক্ষমতা সংযোজন কৰিছে। ২০২৪ চনৰ প্ৰথমাৰ্ধত সংযোজন কৰা ৩.৯ গিগাৱাটৰ তুলনাত এই সংখ্যা ৪ শতাংশ হ্ৰাস পাইছে বুলি Mercom ৰ তথ্যত প্ৰকাশ পাইছে।

২০২৫ চনৰ দ্বিতীয় কোৱাৰটাৰত ভাৰতে ২.৭ গিগাৱাট সৌৰ অ’পেন এক্সেছ ক্ষমতা সংযোজন কৰিছে। ২০২৪ চনৰ প্ৰথমাৰ্ধত অ’পেন এক্সেছ প্ৰকল্পসমূহে Approved List of Models and Manufacturers (ALMM) পুনৰ আৰোপণৰ পূৰ্বে প্ৰকল্প উদ্বোধনৰ ফলত ইয়াৰ সংখ্যা বৃদ্ধি হৈছিল। কিন্তু ২০২৫ চনৰ প্ৰথম কোৱাৰ্টাৰত সংযোগ অনুমোদনত পলম আৰু সীমিত ট্ৰান্সমিছন আন্তঃগাঁথনিৰ বাবে সংযোজন কিছু পৰিমাণে কমি যায়। 

২০২৫ চনৰ দ্বিতীয় কোৱাৰ্টাৰত মহাৰাষ্ট্ৰই মুঠ সংযোজনৰ ৩০ শতাংশৰো অধিক অংশীদাৰিত্ব কৰে। জুন মাহৰ অন্তত ভাৰতৰ মুঠ সৌৰ অ’পেন এক্সেছ ক্ষমতা ২৪.৬ গিগাৱাটত উপনীত হয়। কুমুলেটিভ ইনষ্টলেশ্যনৰ ক্ষেত্ৰত কৰ্ণাটক প্ৰথম স্থানত থাকি ২৪ শতাংশ অংশীদাৰিত্ব কৰে। তাৰ পাছত মহাৰাষ্ট্ৰ (১৮ শতাংশ) আৰু তামিলনাডু (১২ শতাংশ) স্থান অধিকাৰ কৰে। 

জুন ২০২৫ চনৰ অন্তত উন্নয়ন আৰু প্ৰাক-নির্মাণ অৱস্থাত থকা সৌৰ অ’পেন এক্সেছ প্ৰকল্পৰ পাইপলাইন ৩১ গিগাৱাটৰো অধিক বুলি Mercom এ উল্লেখ কৰিছে।

প্ৰথমকোৱাৰ্টাৰত দেশে ২.৮ গিগাৱাট ৰুফটপ সৌৰ ক্ষমতা সংযোজন কৰিছে। যি ২০২৪ চনৰ প্ৰথমাৰ্ধত সংযোজন কৰা ১.১ গিগাৱাটৰৰ তুলনাত ১৫৮ শতাংশ অধিক। দ্বিতীয় কোৱাৰ্টাৰত ১.৬ গিগাৱাট ৰুফটপ সৌৰ সংযোজন হৈছে। যি প্ৰথম কোৱাৰ্টাৰত সংযোজন কৰা ১.২ গিগাৱাটৰ তুলনাত ৩৩ শতাংশ অধিক আৰু ২০২৪ চনৰ দ্বিতীয় কোৱাৰ্টাৰত সংযোজন কৰা ৭৩১ মেগাৱাটৰ তুলনাত ১২১ শতাংশ অধিক।

২০২৫ ৰ দ্বিতীয় কোৱাৰ্টাৰত ৰুফটপ সৌৰ সংযোজনত আবাসিক খণ্ডই মুঠ ৭৪ শতাংশ যোগদান কৰিছে। তাৰ পাছত শিল্প খণ্ডই ১৯% শতাংশ, বাণিজ্যিক খণ্ড ৬ শতাংশ আৰু চৰকাৰী খণ্ড ০.৫ শতাংশ যোগদান কৰে। জুন মাহত দেশৰ মুঠ ৰুফটপ সৌৰ ক্ষমতা ১৬.৫ গিগাৱাটত উপনীত হয়। গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, কেৰালা আৰু উত্তৰ প্ৰদেশ কুমুলেটিভ ৰুফটপ সৌৰ ক্ষমতাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে।

সৌৰ শক্তি