জন ধন যোজনাৰ ৰূপান্তৰশীল ফলাফলঃ খোলা হৈছে ৫৫.২ কোটি একাউণ্ট...

পিএমজেডিৱাইৰ লক্ষ্য হৈছে “বেংকবিহীনসকলক বেংকিং কৰা, অসুৰক্ষিতসকলক সুৰক্ষিত কৰা আৰু অভাৱগ্ৰস্ত অঞ্চলসমূহক সেৱা আগবঢ়োৱা” নীতিসমূহ অনুসৰণ কৰি সকলো বেংকবিহীন প্ৰাপ্তবয়স্কক সাৰ্বজনীন বেংকিং প্ৰৱেশ প্ৰদান কৰা।

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল ডেস্কঃ  ভাৰতে বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিছে। বিত্ত মন্ত্ৰালয়ে জনোৱা মতে, প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত চলিত বৰ্ষৰ ৭ মাৰ্চলৈকে মুঠ ৫৫.০২ কোটি জন ধন একাউণ্ট খোলা হৈছে, ইয়াৰে ৩৬.৬৩ কোটি একাউণ্ট গ্ৰাম্য আৰু অৰ্ধনগৰ অঞ্চলত।

Advertisment

একে সময়তে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত ৭ মাৰ্চলৈকে মুঠ ৫০.৩০ কোটি নামভৰ্তি হৈছে। ইয়াৰ উপৰিও অটল পেঞ্চন যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, ষ্টেণ্ড আপ ইণ্ডিয়া যোজনা আৰু অন্যান্য বিত্তীয় অন্তৰ্ভুক্তি আঁচনিৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

পিএমজেডিৱাইৰ লক্ষ্য হৈছে “বেংকবিহীনসকলক বেংকিং কৰা, অসুৰক্ষিতসকলক সুৰক্ষিত কৰা আৰু অভাৱগ্ৰস্ত অঞ্চলসমূহক সেৱা আগবঢ়োৱা” নীতিসমূহ অনুসৰণ কৰি সকলো বেংকবিহীন প্ৰাপ্তবয়স্কক সাৰ্বজনীন বেংকিং প্ৰৱেশ প্ৰদান কৰা।

ইয়াৰ উপৰিও আন কেইবাটাও বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপে বিশেষকৈ প্ৰান্তীয় জনসাধাৰণক সুলভ মূল্যৰ বিত্তীয় সেৱা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা পি এম বিশ্বকৰ্মা আঁচনিখনে পৰম্পৰাগত শিল্পী সকলক দক্ষতা বিকাশ, ঋণৰ সুবিধা আৰু বজাৰ সংযোগৰ সুবিধা প্ৰদান কৰি সহায় কৰি আহিছে।

২০২০ চনৰ জুন মাহত প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰৰ আত্মা নিৰ্ভৰ নিধিৰ জৰিয়তে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত পদপথৰ ব্যৱসায়ী সকলক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকক আৰ্থিক উন্নয়ণত অৰিহণা যোগাইছে।

জন ধন যোজনা