/asomiyapratidin/media/media_files/2025/08/10/65-2025-08-10-17-04-43.jpg)
ডিজিটেল সংবাদ, শিলচৰ : সমাগত স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে শিলচৰতো ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ কাছাৰ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি গ্ৰহন কৰিছে।
স্বাধীনতা দিৱস নিৰ্বিঘ্নে অনুষ্ঠিত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে যান-বাহনসমূহত ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। সমান্তৰালকৈ পেৰেড আৰু কুচ-কাৱাজৰ অনুশীলন তীব্ৰতৰ কৰা হৈছে।
শিলচৰ ডি এচ এ খেলপথাৰত অনুষ্ঠিত হ'ব লগা স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে দিনত দুবাৰকৈ পেৰেডৰ অনুশীলন আৰম্ভ কৰা হৈছে। বৰষুণৰ বাবে অনুশীলনত যথেষ্ট অসুবিধা হৈছে যদিও খেলপথাৰৰ বোকাৰ ওপৰতে অনুশীলন অব্যাহত ৰাখিছে প্ৰশাসনে।
অসম আৰক্ষী, আৰক্ষীৰ ৬ষ্ঠ অসম বেটেলিয়ন,গৃহৰক্ষী বাহিনী, বিএছএফ, চি আৰ পি,এন চি চি, স্কাউট আৰু গাইডসহ শিলচৰৰ কেইবাখনো স্কুলৰ ছাত্ৰ -ছাত্ৰীয়ে এই পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিছে।