/asomiyapratidin/media/media_files/2025/08/15/cdfdfdf-2025-08-15-23-30-54.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ ৭৯তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে জালুকবাৰী বিধান সভাৰ ২নং বার্ডৰ অন্তৰ্গত বৃহত্তৰ প্ৰাগজ্যোতিষ নগৰ-বকুলনগৰ উন্নয়ন সমিতিৰ উদ্যোগত প্ৰাগজ্যোতিষ নগৰৰ ৰেলৱে অভাৰ ব্রিজৰ সমীপত ৰাইজে দেশৰ হকে প্রাণ আহুতি দিয়া বীৰ-বীৰাঙ্গনা অমৰ ছহিদ সকলক শ্রদ্ধা জ্ঞাপন কৰে।
এই অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে গুৱাহাটী পশ্চিম সংমণ্ডলৰ ডেপুটি কমিচনাৰ পদ্মনাভ বৰুৱাই। তেখেতক সংগ দিয়ে সহকাৰী আৰক্ষী বিষয়া ডিম্পী বৰুৱা আৰু জালুকবাৰী আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ বর্মনে।
আমন্ত্রিত আৰক্ষী বিষয়া সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উন্নয়ন সমিতিৰ সাধৰণ সম্পাদক তপন চন্দ্র শর্মা, বৃহত্তৰ বকুল নগৰ সার্বজনীন দুর্গাপূজা উদযাপন সমিতিৰ সভাপতি শ্রী চবিন চন্দ্র কলিতা আৰু দুর্গা পূজা উদযাপন সমিতিৰ কার্য্যকৰী সভাপতি শ্রী বীৰেন্দ্ৰ কুমাৰ দত্তই। আজিৰ স্বাধীনতা দিৱসৰ কার্য্যসূচীৰ পিছতে অঞ্চলটোত বৃক্ষৰোপণ কৰা হয়। এই কাৰ্য্যসূচী শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মণ্ডল বিজেপিৰ সভাপতি চিন্ময় শর্মা আৰু ২নং বার্ড পাৰিষদ মুকুল কলিতাই। আনহাতে, এই উদযাপন কাৰ্যসূচীত বৃহত্তৰ প্ৰাগজ্যোতিষ নগৰ-বকুল নগৰ উন্নয় সমিতিৰ সদস্য কিশোৰেশ দাস, দিপক প্ৰসাদ দাস, পিকণ ডেকা, কল্যাণ ঠাকুৰীয়াকে ধৰি স্থানীয় বহু লোকেও অংশগ্ৰহণ কৰে।