ইউএছটিএমত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন...

ইউএছটিএম পৰিয়ালৰ প্ৰায় ৭ হাজাৰ ছাত্র-ছাত্রী, শিক্ষক-কর্মচাৰী আৰু অতিথিয়ে একেলগে উদযাপন কৰিলে স্বাধীনতা দিৱস।

author-image
Asomiya Pratidin
New Update
nknkk

ডিজিটেল সংবাদ, গুৱাহাটীঃ ইউএছটিএম পৰিয়ালৰ প্ৰায় ৭ হাজাৰ ছাত্র-ছাত্রী, শিক্ষক-কর্মচাৰী আৰু অতিথিয়ে একেলগে উদযাপন কৰিলে স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে পুৱা ৮.৩০ বজাত পতাকা উত্তোলন কৰে উপাচাৰ্য পদ্মশ্ৰী ডঃ সৰ্বেশ্বৰ চহৰীয়াই। উপদেষ্টা ডঃ আৰ.কে. শৰ্মা, PIMC প্ৰিন্সিপাল ডঃ অভিনন্দন দাস আৰু IAMC প্ৰিন্সিপাল ডঃ আৰ. কে. শৰ্মা, লগতে অন্যান্য বিশিষ্ট অতিথি, শিক্ষকে-কর্মচাৰীয়ে পতাকা উত্তোলন অনুষ্ঠানত উপস্থিতি থাকে। পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীতৰ পিছত এনচিচি কেডেটৰ পেৰেড, সাংস্কৃতিক নৃত্য আৰু নিৰাপত্তা কৰ্মচাৰীৰ বিশেষ প্রদৰ্শনৰে অনুষ্ঠান ৰঙীন কৰি তোলে।

Advertisment

পদ্মশ্ৰী সৰ্বেশ্বৰ চহৰীয়াই এক উৎসাহদায়ক ভাষণত সদৰি কৰে যে, “ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী হিচাপে আমি ভাৰতৰ ভৱিষ্যৎ। শিক্ষাৰ, উদ্ভাৱনৰ আৰু মিলনৰ দ্বাৰা এক শক্তিশালী আৰু স্থিৰ ভাৰত গঢ়িবলৈ আমি ভাল শিক্ষার্থী, সমালোচনামূলক চিন্তক, উদ্ভাৱক আৰু উচ্চ সততা থকা মানুহ হব লাগিব।” ইয়াৰ লগতে আজাদী ৰেলী, সাংস্কৃতিক নৃত্য, দেশাত্মবোধক সংগীত আৰু “বন্ধে মাতৰমৰ মাধুৰ্যময় প্ৰতিধ্বনিয়ে অনুষ্ঠানৰ সৌস্তৱ বৃদ্ধি কৰে।

আনহাতে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ প্ৰাংগণত বটলৰ ঢাকনিৰে নিৰ্মিত ত্ৰিৰঙ্গা বেজ উদ্ভাৱনীভাবে প্ৰস্তুত কৰে। উদ্ভাৱনশীলতা আৰু সৃষ্টিশীলতাৰ অন্যান্য ৰূপও এই অনুষ্ঠানত প্ৰতিফলিত কৰা হয়। বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপে “নয়া ভাৰতৰ উদ্ভাৱন, সমৃদ্ধি, সুৰক্ষা আৰু স্বনির্ভৰতাৰ দৃষ্টিভংগী প্ৰতিফলিত কৰে।

ustm