/asomiyapratidin/media/media_files/2025/08/15/ddsdasqa-2025-08-15-20-27-48.jpg)
ডিজিটেল সংবাদ, উৰিয়া গাঁওঃ সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ উৰিয়া গাঁৱটো বুধবাৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে উৰিয়াগাঁৱস্থিত ৪২ৰ শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ উৎপল বৰাই।
বিয়লি ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণাহুতি দিয়া মহান বীৰ-বীৰাঙ্গনা সকলৰ স্মৃতিত বিদ্যালয়খনত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে আজিৰ দিনটোতে ঐতিহাসিক অসম চুক্তি সম্পাদন হোৱাৰ ৪০ বছৰ সম্পূৰ্ণ হ'ল। সেই উপলক্ষে স্বাধীনতা দিৱসৰ সমান্তৰালকৈ উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত অসম আন্দোলনৰ ছহিদ সকলৰ স্মৃতিত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়।
উৰিয়া গাঁৱৰ ছহিদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা আৰু সম্পাদক ৰূপৰাম হাজৰিকাই। এই কাৰ্যসূচীত ভাৰপ্ৰাপ্ত অধ্যক্ষ উৎপল বৰা, সন্থাৰ যুটীয়া সম্পাদক বিতুমনি হাজৰিকা, দীপক বৰা, দুলাল বৰা আদিয়ে অংশগ্ৰহণ কৰে। আনহাতে উৰিয়া গাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীতো উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া সকলে অংশ লয়।