/asomiyapratidin/media/media_files/2025/08/15/105-2025-08-15-16-18-16.jpg)
ডিজিটেল ডেস্ক : পুৱাই কণ কণ ছাত্ৰ- ছাত্ৰীসকল সাজি-কাচি ওলাই আহিছে বিদ্যালয়লৈ বুলি। কিয়নো আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ অগ্ৰণী শিক্ষানুষ্ঠান বাল ভাটিকা প্ৰি- স্কুলতো অতি উলাহ- মালহেৰে পালন কৰা হ’ল দেশৰ স্বাধীনতা দিৱস।
পুৱা ৮-০০ বজাত ত্ৰিৰংগা পতাকা উত্তলোন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ বিভূতি মজুমদাৰে। পতাকা উত্তোলনৰ লগে লগে উপস্থিত শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ- ছাত্ৰী তথা অভিভাৱক- অভিভাৱিকাই সমস্বৰে পৰিৱেশন কৰে জাতীয় সংগীত।
ইয়াৰ পাছতে মাহ- প্ৰসাদ বিতৰণ কৰে আৰু কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল- ধেমালিৰ লগতে প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দেশপ্ৰেমমূলক দলীয় নৃত্য, একক নৃত্য, ৰাইমছ, কবিতা আদি পৰিৱেশন কৰি অনুষ্ঠানত উপস্থিত থকা আটাইকে আপ্লুত কৰে কণ কণ ছাত্ৰ- ছাত্ৰী তথা শিক্ষয়িত্ৰীবৃন্দই।