অম্বিকাগিৰী নগৰস্থিত সেউজ সংঘত উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন...

দেশৰ অন্য প্ৰান্তৰ লগতে ৭৯সংখ্যক স্বাধীনতা দিৱস মহানগৰীৰ অম্বিকাগিৰী নগৰ স্থিতস সেউজ সংঘতো উলহ-মালহেৰে উদযাপন কৰা হয়। সেই উপলক্ষে পুৱাই সেউজ সংঘৰ বাকৰিৰ পৰা ফ্ৰীডম ৰে’লী শীৰ্ষক এক

author-image
Asomiya Pratidin
New Update
addddddd

ডিজিটেল ডেস্কঃ দেশৰ অন্য প্ৰান্তৰ লগতে ৭৯সংখ্যক স্বাধীনতা দিৱস মহানগৰীৰ অম্বিকাগিৰী নগৰস্থিত সেউজ সংঘতো উলহ-মালহেৰে উদযাপন কৰা হয়। সেই উপলক্ষে পুৱাই সেউজ সংঘৰ বাকৰিৰ পৰা ফ্ৰীডম ৰে’লী শীৰ্ষক এক চাইকেল ৰে’লী বাহিৰ কৰা হয়।

Advertisment

ujjd

সেউজ সংঘৰ পৰা খানাপাৰালৈ যাত্ৰা কৰা এই চাইকেল ৰে’লীত ৫০ৰো অধিক চাইকেল আৰোহীয়ে অংশ গ্ৰহণ কৰে। এই ৰে’লী শুভ উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়াবিদ প্ৰাণ প্ৰতীম চলিহাই। তাৰ পাছতেই সেউজ সংঘৰ বাকৰিৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সংঘৰ উপ সভাপতি বিপুল চৌধুৰীয়ে।

dsf

এই পতাকা উত্তোলন অনুষ্ঠানটোৰ তদাৰক কৰে বিনয় মল্ল বুজৰবৰুৱাই। অনুষ্ঠাটিত বিশিষ্ট কবি ৰাজেন বৰদলৈ, সংঘৰ সম্পাদক মৃদুতৃষ্ণা বৰদলৈ, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰূপজ্যোতি বৰঠাকুৰ, সংঘৰ উপ-সভাপতি ৰাজীৱ মল্ল বৰুৱা, হিমাংক বল্লৱ ডেকা, সাগৰিকা বৰঠাকুৰ, কুশল কলিতা, হেমন্ত শৰ্মা, মানস বৰদলৈকে ধৰি সংঘৰ বিষয়া-ববীয়াসকল উপস্থিত আছিল।

kkkd

ইয়াৰ পাছতে সংঘৰ খেলপথাৰত অসমলৈ নতুনকৈ অহা খেল উডবল কেনেকৈ খেলিব লাগে সেই বিষয়ে এক প্ৰদৰ্শনীমূলক অনুষ্ঠান অনুষ্ঠিত হয়। অসম উডবল সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণ প্ৰতীম চলিহাই সেই খেলবিধ কেনেকৈ খেলিব লাগে সেই বিষয়ে তেওঁৰ লগত অহা কেইবাগৰাকীও ৰাষ্ট্ৰীয় খেলুৱৈৰ জৰিয়তে ব্যৱহাৰিক ভাৱে ৰাইজক দেখুৱায়। তাৰ পাছতে, উডবলত অংশ গ্ৰহণ কৰে সংঘৰ কেইবাগৰাকীও সদস্যই খেল বিধ খেলি সন্তুষ্টি ব্যক্ত কৰে।

fsffsf

উল্লেখযোগ্য যে, অসমলৈ নতুনকৈ আগমন হোৱা এই খেল বিধৰ আছে বিশ্বজুৰি জনপ্ৰিয়তা। ৰাজ্যখনক এই খেল বিধক মানুহৰ মাজলৈ লৈ যাবলৈ প্ৰাণপ্ৰতীম চলিহাৰ এই প্ৰয়াসৰ তেওঁক সংঘৰ কৰ্মকতাসকলে ধন্যবাদ জ্ঞাপন কৰে। অসম উডবল সন্থাৰ সভাপতি গুৱাহাটী মহানগৰৰ আয়ুক্ত পাৰ্থসাৰথি মহন্ত।

ddddddd

স্বাধীনতা দিৱস