/asomiyapratidin/media/media_files/2025/11/21/barshapara-2025-11-21-21-22-20.jpg)
ডিজিটেল ডেস্ক : যিকোনো এখন ষ্টেডিয়ামৰ বাবে আন্তৰ্জাতিক মেচ আয়োজন কৰাতো এক আনন্দ আৰু গৌৰৱৰ কথা। ৰাজ্য এখনৰ সৰ্বস্তৰৰ লগতে বিশেষভাৱে ক্ৰীড়াৰ দিশটো এই ক্ষেত্ৰত বিশেষভাৱে জড়িত হৈ থাকে।
আন্তৰ্জাতিক মেচ এখন আয়োজন কৰাতো মুখৰ কথা নহয়। চৰকাৰকে প্ৰমুখ্য কৰি আয়োজক তথা উদ্যোক্তাৰ উপৰিও আৰক্ষী- প্ৰশাসনৰ থাকে গধুৰ দায়িত্ব।
ষ্টেডিয়ামৰ মান উন্নীতকৰণ, পৰিদৰ্শন, খেলুৱৈ, ছাপ’ৰ্ট ষ্টাফ, মিডিয়া, পৰিবহণ ব্যৱস্থা, থকা- খোৱা, পৰিচৰ্যা, আদি সমষ্ট দায়িত্ব আৰু নিৰাপত্তা সুনিষ্ট কৰাৰ উপৰিও ছিদ্ৰ নথকাকৈ খেল পৰিচালনা কৰা ইত্যাদি বিভিন্ন দিশ সুক্ষ্ম সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লগা হয় বিভিন্ন বিভাগে। তাৰোপৰি থাকে ষ্টেডিয়ামত হ’ব পৰা অনাকাঙ্খিত ঘটনা প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা।
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম। অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰা এইখন এখন দেশৰে আটকধুনীয়া তথা আন্তৰ্জাতিক মানবিশিষ্ট ষ্টেডিয়াম।
এই ষ্টেডিয়ামখনত অনুষ্ঠিত হৈছে বহুকেইখন আন্তৰ্জাতিক ক্ৰিকেট মেচ। ২০১৭ৰ ১০ অক্টোবৰত প্ৰথমবাৰৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল টি-২০ আন্তৰ্জাতিক মেচ।
অৱশ্যে বৰ্ষাপাৰাত সেইবাৰ অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি ৮ উইকেটত বিজয়ী হৈছিল। ৪০ হাজাৰ দৰ্শক বহিব পৰা ষ্টেডিয়ামখনত সেইবাৰ ৩৮,১৩২জন দৰ্শকে উপভোগ কৰিছিল ভাৰত- অষ্ট্ৰেলিয়াৰ মেচ।
ইয়াৰ এটা বছৰ পাছতে বি চি চি আইৰ পৰা অসম ক্ৰিকেট সন্থাই লাভ কৰে আন এক সুযোগ। এইবাৰ এ চি এক দায়িত্ব দিয়া হ’ল আন্তৰ্জাতিক এদিনীয়া মেচ আয়োজন কৰাৰ। এই দায়িত্বও সুন্দৰকৈ পালন কৰিছিল এ চি এ( অসম ক্ৰিকেট সন্থা)ই।
২০১৮চনৰ ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মেচেৰ বৰ্ষাপাৰত এদিনীয়া ক্ৰিকেট মেচৰ শুভাৰম্ভ ঘটিছিল। এইবাৰ ঘৰুৱা দৰ্শকক নিৰাশ কৰা নাছিল টীম ইণ্ডিয়াই। ৮ উইকেটত বিজয়ী হৈছিল টীম ইণ্ডিয়া। উন্নতমানৰ পিটছত ৰানো হৈছিল যথেষ্ট।
ইয়াৰ ঠিক এটা বছৰ পাছতে পুনৰ এ চি এক দিয়া হ’ল আন এক গধুৰ দায়িত্ব। এইবাৰ বৰ্ষাপাৰত হ’ব মহিলাৰ আন্তৰ্জাতিক মেচ। ২০১৯ চনৰ ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিল। ইংলেণ্ড আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মাজত তিনিখন খেল অনুষ্ঠিত হৈছিল; য'ত ইংলেণ্ডে ৩-০ ব্যৱধানত শৃংখলাটোত বিজয়ী হৈছিল।
এনেদৰে বছৰৰ পাছত বছৰ ধাৰাবাহিকভাৱে মেচ আয়োজনৰ সুযোগ লাভ কৰা এ চি এক দিয়া হ’ল আন এখন আন্তৰ্জাতিক মেচ আয়োজনৰ দায়িত্ব। প্ৰতিখন মেচ সুন্দৰকৈ আয়োজন কৰাৰ বাবে দিয়া হৈছিল এই দায়িত্ব।
তাতে আকৌ বৰ্ষাপাৰৰ পিটছ আৰু উইকেট ৰহস্যময় তথা বিচিত্ৰ। বৰ্ষাপাৰাৰ উইকেট আৰু ইংলেণ্ডৰ উইকেটৰ মাজত আছে যথেষ্ট সাদৃশ্য। সেয়ে পুনৰ ২০২০ চনৰ ৫ জানুৱাৰীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত টি-২০ মেচখন আয়োজনৰ দায়িত্ব দিছিল এ চি এক । কিন্তু এইবাৰ যেন দিন বেয়া আছিল বৰ্ষাপাৰাৰ ! এই টি২০ খেলখন প্ৰতিকূল বতৰৰ বাবে বাতিল কৰা হৈছিল ।
উল্লেখযোগ্য যে, ভাৰতে প্ৰথমে টছত জয়ী হৈ আলহী দল শ্ৰীলংকাক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু মেচ আৰম্ভ হোৱাৰ ঠিক আগে আগে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে স্থগিত ৰাগিবলগীয়া হোৱা মেচখন পৰৱৰ্তী সময়ত বাতিল বুলি ঘোষণা কৰিছিল । অৱশ্যে সেইবাৰ এ চি এৰ কিছু কৰ্মকাণ্ড দেখি দেশজুৰি সমালোচিত হৈছিল ষ্টেডিয়ামখন। হেয়াৰ ড্ৰায়াৰেৰে ষ্টেডিয়ামত জমা হোৱা পানী শুকাবলৈ কৰা চেষ্টাক তুচ্ছ- তাচ্যিল্য কৰিছিল বিভিন্ন মহলে।
ইয়াৰ পৰৱৰ্তী সময়ছোৱাত বৰ্ষাপাৰাত ভাৰত- শ্ৰীলংকাৰ এদিনীয়া মেচৰ উপৰি আই পি এলৰ কেইবাখনো মেচৰ লগতে বিশ্বকাপৰ প্ৰস্তুতি মেচকে ধৰি শেহতীয়াভাৱে মহিলা বিশ্বকাপৰো একাদিক মূল মেচ আয়োজন কৰিছিল এ চি এ। প্ৰতিখন মেচ বৰ্ষাপাৰতে অনুষ্ঠিত কৰা হৈছিল।
ৰঞ্জী ট্ৰফীকে ধৰি আন ঘৰুৱা ক্ৰিকেটৰ লগতে আন্তৰ্জাতিক এদিনীয়া, টি-২০ মেচ অনুষ্ঠিত হোৱা বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ক্ৰিকেটৰ আটাইতকৈ পুৰণি তথা সন্মানীয় সংস্কৰণ টেষ্ট ক্ৰিকেট। এইবাৰ বৰ্ষাপাৰাত হ’ব ৰাজকীয় মেচ।
ইতিহাস সৃষ্টি কৰি শনিবাৰে বৰ্ষাপাৰত অনুষ্ঠিত হ’ব গান্ধী- মেণ্ডেলা ট্ৰফীৰ মেচ। এই মেচত ভাগ ল’ব ভাৰত- বনাম দক্ষিণ আফ্ৰিকা। ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে বৰ্ষাপাৰাৰ বাহিৰ- ভিতৰ। কটকটীয়া নিৰাপত্তাৰ উপৰি পাঁচদিনীয়াকৈ হ’ব লগা মেচখনৰ বাবে পৰ্যাপ্ত ব্যৱস্থা।
ক’তো সুৰুঙা নৰখাকৈ নিৰ্মাণ কৰা হৈছে উইকেট। পুৱা ৯বজাত ইতিহাস সৃষ্টি কৰি বৰ্ষাপাৰাৰ ২২ গজৰ সেইজ ঘাঁহনিত পৰিব টেষ্টৰ প্ৰথমটো বল। ইয়াৰ লগে লগে শনিবাৰে অসম ক্ৰিকেটত খোদিত হ’ব এক সোণালী ইতিহাস। বিশ্ব ক্ৰিকেটৰ টেষ্টৰ মানচিত্ৰত উজলি উঠিব বৰ্ষাপাৰা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us