/asomiyapratidin/media/media_files/2025/12/03/386-2025-12-03-08-55-11.jpg)
ডিজিটেল ডেস্ক : ৰাঁচী অতীত, ৰায়পুৰ বৰ্তমান। ধোনীৰ চহৰ ৰাঁচীৰ পাছত এইবাৰ ৰায়পুৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকা নামিব যুঁজত। শৃংখলা দখলৰ লক্ষ্যৰে ২২ গজত নামিব টীম ইণ্ডিয়া। বিপৰীতে সমতা স্থাপনৰ লক্ষ্যৰে নামিব আলহী দল দক্ষিণ আফ্ৰিকা।
সম্প্ৰতি চলি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া শৃংখলা। তিনিখনীয়া এই শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছিল ৰাঁচীত। য’ত টীম ইণ্ডিয়াই টেষ্টৰ তিক্ততাৰ কথা পাহৰি, ৰাঁচীত ৰাজকীয় বিজয় সাৱ্যস্ত কৰিছিল।
দীৰ্ঘদিনৰ মূৰত টীম ইণ্ডিয়ালৈ উভতি অহা ৰোহিত- বিৰাটৰ যুটিত ত্ৰাহিমধুসুদন দেখিছিল প্ৰতিপক্ষই। একেদৰে বুধবাৰে ৰায়পুৰত অনুষ্ঠিত হ’ব শৃংখলাৰ দ্বিতীয়খন মেচ। এই মেচখনৰ বাবে টীম ইণ্ডিয়াই মূল একাদশৰ কোনো ধৰণৰ সালসলনি নকৰে বুলি জানিব পৰা গৈছে। সম্প্ৰতি দুৰ্দান্ত ফৰ্মত আছে ৰোহিত- বিৰাট, হৰ্ষিত ৰাণা আৰু কুলদীপ যাদৱ।
ইফালে ৰাঁচীৰ পৰাজয়ৰ কথা পাহৰি ৰায়পুৰত নতুন ৰণকৌশলেৰে নামিব আলহী দল দক্ষিণ আফ্ৰিকা। সমতা স্থাপনেই হ’ব দলটোৰ মূল লক্ষ্য। ৰোহিত- বিৰাটক পেভিলিয়নৰ বাট দেখুৱাব পাৰিলেই মেচ হাতৰমুঠিলৈ আনিব পাৰিব দক্ষিণ আফ্ৰিকাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us