/asomiyapratidin/media/media_files/2025/12/07/423-2025-12-07-08-55-46.jpg)
ডিজিটেল ডেস্ক : ৰো-কো যুটিৰ অন্তৰ্ভুক্তিৰে বলীয়ান হোৱা টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দখল কৰিছে এদিনীয়া শৃংখলা। তিনিখনীয়া এদিনীয়া শৃংখলা ভাৰতে ২-১ৰ ব্যৱধানত জয়ী হয়।
শৃংখলাত সমতা স্থাপন কৰা উভয় দলৰ বাবে শনিবাৰৰ মেচখন আছিল নিৰ্ণায়ক মেচ। এই মেচখনত ভাৰতে ৯ উইকেটৰ ব্যৱধানত অনাসয়ে বিজয় সাৱ্যস্ত কৰে।
উল্লেখযোগ্য যে, শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছিল ৰাঁচীত। দ্বিতীয়খন ৰায়পুৰ আৰু অন্তিমখন বিশাখাপট্টনমত। ইয়াৰে ৰায়পুৰত দক্ষিণ আফ্ৰিকা বিজয়ী হোৱাৰ বিপৰীতে বাকী দুখনত শোচনীয়ভাৱে পৰাজয়বৰণ কৰিছিল।
বিশাখাপট্টনমত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন মেচত প্ৰাক্তন অধিনায়ক তথা জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মাই গঢ়ে একাধিক কৃতিত্ব। ৰোহিতে ঘৰৰ মাটিত অনুষ্ঠিত মেচত সংগ্ৰহ কৰে ৫,০০০ ৰান। একেদৰে তিনিওটা সংস্কৰণ মিলি আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ ২০,০০০ ৰান সম্পূৰ্ণ কৰে।
ইয়াৰ লগে লগে তেওঁ এই কৃতিত্ব গঢ়া চতুৰ্থগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। উল্লেখ কৰা প্ৰয়োজন যে, তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ, দ্যা ৱাল ৰাহুল দ্ৰাবিড় আৰু কিং কোহলিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us