/asomiyapratidin/media/media_files/2025/11/26/new-ap-web-1-22-2025-11-26-13-34-22.jpg)
ডিজিটেল ডেস্ক : বৰ্ষাপাৰাত ভাৰত নহয়, দক্ষিণ আফ্ৰিকাহে জিকিল। অসমৰ আকাশত উৰিল আলহী দল দক্ষিণ আফ্ৰিকাৰ বিজয় নিচান। গান্ধী- মেণ্ডেলা শৃংখলা দখল কৰিব নোৱাৰা টীম ইণ্ডিয়া অসহায় হৈ পৰিল বৰ্ষাপাৰাত। কাৰ্যতঃ পুনৰবাৰ ঘৰৰ মাটিত ভাৰতে হেৰুৱালে টেষ্ট শৃংখলা।
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল দুখনীয়া টেষ্ট শৃংখলা। ইয়াৰে এখন অনুষ্ঠিত হৈছিল ইডেন গাৰ্ডেনত। আনখন গুৱাহাটীস্থিত বৰ্ষাপাৰা ষ্টেডিয়ামত। দুয়োখন গ্ৰাউণ্ডতে ঘৰুৱা দৰ্শকৰ পূৰ্ণ সহযোগিতা থকা সত্বেও গুৰু গম্ভীৰৰ দল টীম ইণ্ডিয়াই হতাশাজনক প্ৰদৰ্শন দাঙি পৰাজয় স্বীকাৰ কৰে।
উল্লেখযোগ্য যে গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল টেষ্ট মেচ। এই মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাক হৰুৱাব পাৰিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু সেই আশাত যেন চেঁচাপানী ঢালিলে ঋষভ পণ্ট নেতৃত্বাধীন টীম ইণ্ডিয়াই।
ভাৰতৰ পয়ালগা বেটিং লাইন- আপ আৰু দুৰ্বল বলিঙৰ বাবে পৰাজয়বৰণ কৰে। তাৰ বিপৰীতে বৰ্ষাপাৰাত আলহী দলটোৱে বেটে- বলে উজলি উঠি মেচৰ অন্তিম দিনা ৪০৮ৰানৰ বিশাল ব্যৱধানত বিজয় সাৱ্যস্ত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-13-33-20.jpeg)
প্ৰণিধানযোগ্য যে, টছত জয়ী প্ৰথমে বেট ধৰা দক্ষিণ আফ্ৰিকাই এটা দিন আৰু ভোজন বিৰতিৰ পাছলৈকে বেট ধৰি প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৪৮৯ ৰান। প্ৰথম ইনিংছত উজলি উঠিছিল ভাৰতীয় বলাৰ। কুলদীপ যাদৱে ৪টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।
আনহাতে বুমৰাহ, ছিৰাজ আৰু জাডেজাই লাভ কৰিছিল দুটাকৈ উইকেট। ইয়াৰ পাছত মেচৰ দ্বিতীয় দিনা বেট ধৰিবলৈ নামিছিল টীম ইণ্ডিয়া। সকলোৱে ভাবিছিল বৰ্ষাপাৰাত ৰান পাব ভাৰতে। কিন্তু সেয়া হৈ নুঠিল।
ভাৰতৰ প্ৰথম ইনিংছত যশস্বী জয়ছোৱাল আৰু ৱাশ্বিংটন সুন্দৰৰ বাহিৰে কোনো এগৰাকী বেটাৰে প্ৰতিপক্ষৰ বলাৰক প্ৰত্যাহ্বান জনাব নোৱাৰিলে। ভাৰতৰ শক্তিশালী বেটিং লাইন কাগজৰ বাঘত পৰিণত কৰিলে প্ৰতিপক্ষৰ বলাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-ima-2025-11-26-13-34-00.jpeg)
ইফালে সম্পূৰ্ণ এটা দিনো বেটিং কৰিব নোৱাৰা ভাৰতৰ প্ৰথম ইনিংছৰ পতনৰ পাছতে আলহী দলটোৱে আৰম্ভ কৰে দ্বিতীয় ইনিংছ। দ্বিতীয় ইনিংছত ভাৰতৰ চোকহীন বলিঙৰ সম্পূৰ্ণ সুযোগলৈ দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰে ২৬০ ৰান।
একেদৰে ভাৰতে বিজয়ৰ বাবে ৫৪৯ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নামি পঞ্চম দিনত ১৪০ ৰানত কেউটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। টেষ্ট ক্ৰিকেটত ভাৰতৰ এনে অৱস্থা এতিয়া ক্ৰীড়ানুৰাগীৰ লগতে বিজ্ঞসকলে মানি ল’ব পৰা নাই। এটা দিনো বেট ধৰাৰ সামৰ্থ নথকা তথাকথিত ৰথী- মহাৰথীসকলৰ অৱস্থাই এতিয়াই চৌদিশে সমালোচিত কৰিছে। সমালোচিত হৈছে গুৰু গম্ভীৰো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us