/asomiyapratidin/media/media_files/2025/11/24/305-2025-11-24-17-45-15.jpg)
ডিজিটেল ডেস্ক : দশা ভাল চলা নাই টীম ইণ্ডিয়াৰ ! ইডেন গাৰ্ডেনৰ দৰে বৰ্ষাপাৰাতো ভাৰতে শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছে দ্বিতীয়খন টেষ্ট মেচত। পুনৰ পৰাজয়ৰ গৰাহৰ দিশে গতি কৰিছে টীম ইণ্ডিয়া।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-202-2025-11-24-17-46-14.jpeg)
আজি আছিল মেচৰ তৃতীয়টো দিন। সম্পূৰ্ণ দিন বেট ধৰাৰ সুযোগ আছিল ভাৰতীয় বেটাৰৰ হাতত। কিন্তু সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নাজানিলে কোনো এগৰাকী বেটাৰে। কোনো এগৰাকী বেটাৰৰ বেটত নাই চমক, নাই উইকেটত তিষ্ঠি থকাৰ ক্ষমতা। প্ৰতিগৰাকী বেটছমেন যেন একো একোটা কাগজৰ বাঘহে !
মেচৰ তৃতীয় দিনাৰ চাহ বিৰতিৰ পূৰ্বেই ভাৰতৰ অৱস্থা কাহিল কৰি দিলে দক্ষিণ আফ্ৰিকাৰ বলাৰে। বৰ্ষাপাৰাত আজিৰ দিনটোত বলিং- ফিল্ডিং উভয় দিশতে ৰাজত্ব চলিল আলহী দল দক্ষিণ আফ্ৰিকাৰ। ভাৰতৰ কোনো এগৰাকী বেটাৰে প্ৰত্যাহ্বান জনাব নোৱাৰিলে প্ৰতিপক্ষৰ বলাৰক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whats-2025-11-24-17-45-56.jpeg)
মাত্ৰ যশস্বী জয়ছোৱালে অৰ্ধশতকীয় ইনিংছ খেলি কিছু আশা দেখুৱাইছিল যদিও ভুল শ্বট খেলি মাৰ্কো জেনচনৰ হাতত কেচ দি পেভিলিয়নমুখী হয় তেওঁ। ভাৰতৰ অপেনিং বেটাৰ কে এল ৰাহুল(২২), ছাই সুদৰ্শন (১৫), ধ্ৰুৱ জুৰেল (০), ঋষভ পণ্ট(৭), জাডেজা(৬) আৰু নিতীশ কুমাৰ ৰেড্ডী(১০) সম্পূৰ্ণৰূপে ব্যৰ্থ হয় প্ৰতিপক্ষৰ বলাৰক প্ৰহাৰ কৰাত। তাৰ মাজতে ৱাশ্বিংটন সুন্দৰে ৪৮ ৰানৰ বৰঙণি যোগাই ভাৰতৰ স্ক’ৰ ২০১ ৰানলৈ বৃদ্ধি কৰে। দলটোৰ আটাইকেইগৰাকী বেটাৰৰ ভিতৰত কুলদীপ যাদৱে অধিক সময় তিষ্ঠি থাকিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, ভোজন বিৰতিৰ পাছত পুনৰ দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনান্তত ২৬ ৰান সংগ্ৰহ কৰিছে। কাৰ্যতঃ ৩১৪ৰানৰ অগ্ৰগতি লাভ কৰিছে আলহী দলটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us