/asomiyapratidin/media/media_files/2026/03/08/250-2026-03-08-22-37-55.jpg)
ডিজিটেল ডেস্ক :আজি আন্তৰ্জাতিক নাৰী দিৱস। আজিৰ এই পবিত্ৰ দিনটোতে মা ভাৰতীৰ সন্তানে শিৰত তুলি দিলে বিশ্ব জয়ৰ মুকুট। গদাধাৰী বেট লৈ ক্ৰিজত নমা প্ৰতিগৰাকী ভাৰতীয় বেটাৰে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গল নিউজিলেণ্ডৰ বলাৰক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/08/648437816_134404-2026-03-08-22-29-22.jpg)
এই জয়ৰ মূলতে ভাৰতৰ অপেনিং বেটাৰ সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক। ইয়াৰ পাছতে আনটো বিস্ফোৰক ইনিংছ খেলে ঈশান কিষাণে। তেওঁ কৰে মাত্ৰ ২৫টা বলতে ৫৪ ৰান। একেদৰে শেষৰ ফালে শিৱম ডুবে (২৬ অপঃ) আৰু তিলক বাৰ্মাই কৰে অপৰাজিত ৮ৰান।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/08/649515792_134401772442-2026-03-08-22-30-22.jpg)
প্ৰণিধানযোগ্য যে, ভাৰতে বান্ধি দিয়া ২৫৫ ৰানৰ বিজয় লক্ষ্য আগত লৈ খেলপথাৰত নমা প্ৰতিপক্ষ নিউজিলেণ্ডে আৰম্ভণিতে শলঠেকত পৰে। দলীয় স্ক’ৰ ৩১ ৰানতে ফিন এলেনৰ উইকেট হেৰুওৱাৰ পাছতে ৰাচীন ৰবীন্দ্ৰৰ উইকেট হেৰুৱাই দলটোৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/08/647542864_13440433-2026-03-08-22-29-41.jpg)
আহমেদাবাদত ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক বলিং আক্ৰমণত নিউজিলেণ্ডে ১৫৯ ৰানত ইনিংছ সামৰি পৰাজয়ৰ মূৰ পাতি লয়। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, নৰেন্দ্ৰ মোডী ষ্টেডিয়ামতে ভাৰতে আই চি চিৰ কোনো প্ৰতিযোগিতাত সাফল্য লাভ কৰা নাছিল। কাৰ্যতঃ এইবাৰ ভাৰতে বিশ্বকাপ জিকি অভিশাপমুক্ত কৰে ষ্টেডিয়ামখনক। লগতে বুজাই দিয়ে যে, কঠোৰ পৰিশ্ৰম, একাগ্ৰতা, লক্ষ্য নিৰ্ধাৰিত কৰাৰ পাছত এনে হাজাৰটা অভিশাপ খণ্ডন কৰিব পাৰে টীম ইণ্ডিয়াই...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us