/asomiyapratidin/media/media_files/2026/01/28/13-2026-01-28-23-25-51.jpg)
ডিজিটেল ডেস্ক :গুৱাহাটীত অনুষ্ঠিত তৃতীয়খন মেচত জয়ী হৈ ইতিমধ্যে শৃংখলা দখল কৰিছে টীম ইণ্ডিয়াই। ৫খনীয়া ক্ৰিকেট শৃংখলাৰ ৩-০ত জয়ী হৈ শৃংখলা দখল কৰিছে ঘৰুৱা দল ভাৰতে।
আজিৰ মেচখন উভয় দলৰ বাবে আছিল গুৰুত্বহীন তথা নিয়ম ৰক্ষাৰ মেচ। বুধবাৰে নৈশলোকত অনুষ্ঠিত ভাৰত- নিউজিলেণ্ড টী-২০ শৃংখলাৰ চতুৰ্থখন মেচত ৫০ ৰানৰ ব্যৱধানত জয়ী হৈ সন্মান ৰক্ষা কৰে আলহী দল নিউজিলেণ্ডে।
টছত জয়ী হৈ নিউজিলেণ্ডক পোনতে বেট ধৰাৰ আমন্ত্ৰণ জনাই অধিনায়ক সূৰ্যকুমাৰ যাদৱে। সেই অনুসৰি আলহী দলটোৱে পোনতে বেট ধৰি ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৫ ৰান। দলৰ হৈ অ’পেনাৰ টিম চেফাৰ্ডে সৰ্বাধিক ৬২ ৰান কৰে। একেদৰে আনগৰাকী অ’পেনাৰ ডেভ’ন ক’নৱে কৰে ৪৪ ৰান।
নিৰ্ভৰযোগ্য বেটাৰ ৰাচীন ৰবীন্দ্ৰ পুনৰ ব্যৰ্থ হ’লেও শেষৰ পিনে ডাৰেল মিচ্ছেলে ৩টা ছিক্সাৰ আৰু ২টা বাউণ্ডেৰীৰে আগবাঢ়াই ৩৯ ৰান। বিপৰীতে ভাৰতৰ হৈ অৰ্শদীপ আৰু কুলদীপে লাভ কৰে ২টাকৈ উইকেট। তাৰোপৰি ৰবি বিষ্ণই আৰু বুমৰাহে লাভ কৰে ১টাকৈ উইকেট।
বিজয় লক্ষ্য আগত লৈ পৰাস্ত ভাৰত
ইফালে বিজয় লক্ষ্য আগত লৈ খেলপথাৰত নমা ভাৰতে ১৬৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। আজিৰ এই মেচত অভিষেক শৰ্মা (০), অধিনায়ক সূৰ্যকুমাৰ যাদৱ( ৮), হাৰ্ডিক পাণ্ডিয়া (২) আৰু হৰ্ষিত ৰাণা (৯) ব্যৰ্থ হয়। বিপৰীতে দীৰ্ঘদিনৰ মূৰত বেটত ৰান পাই শিৱম ডুবে। তেওঁ ৭ ছিক্সাৰ আৰু ৩টা বাউণ্ডেৰীৰে ৬৫ ৰান কৰে। একেদৰে ৰিংকু সিঙে কৰে ৩৯ ৰান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us