Published on:
Updated on:
- নিউজিলেণ্ডৰ অকলেণ্ডৰ ইডেন পাৰ্কত দেওবাৰে অনুষ্ঠিত হৈছে ভাৰত-নিউজিলেণ্ডৰ মাজৰ দ্বিতীয়খন টি-২০ খেল।
- টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় নিউজিলেণ্ডে।
- নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৩২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ড বাহিনীয়ে।
- ১৩৩ ৰানৰ লক্ষ্য সন্মুখত লৈ ক্ৰিজত নামিছে ভাৰতীয় দলটো।
- কিন্তু প্ৰথম ৫ অভাৰতে দুটাকৈ উইকেট হেৰুৱাই বিপদত ভাৰতীয় দলটো।
- প্ৰথমে দলটোৱে হেৰুৱায় ৰোহিত শৰ্মাৰ উইকেট।
- ৮ ৰান কৰিয়েই পেভিলিয়নমুখী হয় ৰোহিত শৰ্মা।
- তাৰ পিছতে পতন ঘটে অধিনায়ক বিৰাট কোহলীৰ উইকেটৰো।
- ১২ বলত ১১ ৰান কৰি আউট হয় বিৰাট।
- বৰ্তমান ক্ৰিজত খেলি আছে লোকেশ ৰাহুল আৰু শ্ৰেয়ছ আয়াৰে।
- লোকেশ ৰাহুলৰ বৰ্তমানলৈকে ব্যক্তিগত স্ক'ৰ ২১ ৰান।
- তাৰ বিপৰীতে ২ ৰানত বেটিং কৰি আছে শ্ৰেয়ছ আয়াৰে।
- ৭.২ অভাৰ পৰ্যন্ত ভাৰতৰ স্ক'ৰ ২ উইকেটৰ বিনিময়ত ৪৪ ৰান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in