/asomiyapratidin/media/media_files/2025/10/23/40-2025-10-23-17-44-24.jpg)
ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াৰ এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত পৰাস্ত হৈছে টীম ইণ্ডিয়া। বৃহস্পতিবাৰে অনুষ্ঠিত মেচখনত আলহী দল ভাৰতৰ বিৰুদ্ধে ২ উইকেটত জয়ী হয় ঘৰুৱা দল অষ্ট্ৰেলিয়া।
আজিৰ এই মেচখনত পোনতে বেট ধৰি ভাৰতে ৯টা উইকেটৰ বিনিয়মত ২৬৪ ৰান সংগ্ৰহ কৰে। প্ৰথমাৱস্থাত ভাৰতে সুন্দৰ আৰম্ভণি কৰিছিল যদিও মিডল অৰ্ডাৰৰ বেটিং ব্যৰ্থতাৰ বাবে প্ৰতিপক্ষ অষ্ট্ৰেলিয়াৰ সন্মুখত ডাঙৰ স্ক’ৰ থিয় কৰোৱাত ব্যৰ্থ হয়।
দীৰ্ঘদিনৰ মূৰত ২২ গজলৈ প্ৰত্যাৱৰ্তন কৰা জ্যেষ্ঠ খেলুৱৈ ৰোহিত শৰ্মাই ৭৩ ৰান সংগ্ৰহ কৰে। অৱশ্যে আনগৰাকী অ’পেনাৰ তথা অধিনায়ক গীলে মাত্ৰ ৯ ৰান কৰিয়েই বিদায় মাগে। একেদৰে দ্বিতীয় উইকেটত বিৰাট কোহলিয়ে কোনো ৰান নকৰাকৈ পেভিলিয়নলৈ উভতি যায়। সুদীৰ্ঘ দিনৰ অন্তত প্ৰত্যাৱৰ্তন কৰা বিৰাট কোহলিয়ে পুনৰ অনুৰাগীক নিৰাশ কৰে।
দলৰ এনে বিপৰ্যয়ৰ সময়ত শ্ৰেয়াছ আয়াৰ (৬১) আৰু অক্ষৰ পেটেল (৪৪)য়ে ধৈৰ্যসহকাৰে খেলি দলৰ ইনিংছ আগুৱাই নিয়ে। ইফালে মেচৰ শেষৰ ফালে হৰ্ষিত ৰাণাই অপৰাজিত ২৪ ৰানৰ বৰঙণি যোগায়।
আনহাতে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য আগত ৰাখি ক্ৰিজত নমা অষ্ট্ৰেলিয়াই ৮টা উইকেটৰ ব্যৱধানত ২৬৫ ৰান সংগ্ৰহ কৰি বিজয়ী হয়।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us