ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি আক্ৰান্ত

ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি আক্ৰান্ত। ধেমাজি জিলাত ২৮৭ গৰাকীৰ দেহত ধৰা পৰিছে এইচআইভিৰ অৱস্থিতি।

author-image
Asomiya Pratidin
New Update
dfd

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি আক্ৰান্ত। ধেমাজি জিলাত ২৮৭ গৰাকীৰ দেহত ধৰা পৰিছে এইচআইভিৰ অৱস্থিতি। এই কথা সদৰি কৰিছে ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ জে এম প্ৰসাদে।

Advertisment

চিকিৎসক গৰাকীয়ে সদৰি কৰা অনুসৰি ধেমাজি ICTC'ত ১৪৮ গৰাকী, গোগামুখ ICTCত ৩৪ গৰাকী এইচআইভি পজিটিভ বুলি চিনাক্ত কৰা হৈছে। আক্ৰান্তৰ ৭০ শতাংশই ২২ৰ পৰা ২৭ বছৰৰ যুৱক। ইয়াৰে 8 গৰাকী গৰ্ভৱতী মহিলা। 

Capturex

একেদৰে, চিলাপথাৰতো ১০৫ গৰাকী এইচআইভি আক্ৰান্তক চিনাক্ত কৰা হৈছে। ইয়াৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে অঞ্চলটোত ব্যাপক ৰূপত প্ৰচলন হোৱা ড্ৰাগছ। এসময়ত ড্ৰাগছৰ দৰে মাৰাত্মক ৰাগিয়াল বস্তু চিনি নোপোৱা চিলাপথাৰৰ অলিয়ে গলিয়ে বৰ্তমান অব্যাহত আছে বৰবিহ ড্ৰাগছৰ ব্যাপক প্ৰচলন।  ড্ৰাগছৰ প্ৰচলনৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে সেৱনকাৰীৰ সংখ্যা। ইয়াৰ বিৰুদ্ধে সময়োচিত ব্যৱস্থা ন'ললে ভৱিষ্যতে পৰিস্থিতি ভয়াবহ হোৱাৰ সম্ভাৱনা আছে।

ধেমাজি