/asomiyapratidin/media/media_files/2025/08/24/1-2025-08-24-22-46-53.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ: প্ৰমোদ বড়ো নেৰ্তৃত্বাধীন বিটিচি চৰকাৰে ৰাজবংশী ভাষাক স্বীকৃতি আৰু মৰ্যদা প্ৰদান কৰি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ১৪ খন প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষাৰ অন্তৰ্ভুক্তিকৰণ কৰি নতুন ইতিহাসৰ সৃষ্টি কৰিছে।
প্ৰথম পৰ্যায়ত বিটিআৰৰ দুই জিলাৰ প্ৰাথমিক বিদ্যালয়ত এতিয়া ৰাজবংশী ভাষা প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত ভাষা বিষয় হিচাপে সংযোজন হ'ব আৰু ই এক আদৰণীয় পদক্ষেপ বুলি বিবেচিত হৈছে। এই সন্দৰ্ভত বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জে পি ব্ৰহ্মই এক নিৰ্দেশনা মৰ্মে (নং বিটিচি / শিক্ষা- ১৬১/২০২৩ -২৪/খণ্ড ১/১৪০,তাং ২২/০৮/২৫) বিদ্যালয় পৰিদৰ্শক, খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ চিৰাং আৰু কোকৰাঝাৰৰ ১৪ খন স্কুলত ৰাজবংশী ভাষাক অতিৰিক্ত ভাষা হিচাপে অন্তৰ্ভুক্তি কৰিবলৈ আৰু যাৱতীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰে।
সেইমৰ্মে ৰাজবংশী ভাষা অন্তৰ্ভূক্তি হোৱা প্ৰাথমিক বিদ্যালয় সমুহ হ'ল ক্ৰমে কোকৰাঝাৰ জিলাৰ কচুগাঁওৰ বেতবাৰী এলপি স্কুল (ডাইচ ১৮০১০৩১৪০০৬), বিজুলীবাৰী এলপি স্কুল (ডাইচ ১৮০১০১০৫৬০২), ৫৭৮ নং তিতাগুৰী সেৱাআশ্ৰম এলপি স্কুল (ডাইচ ১৮০১০৫০২৪০৪), ৫১২ নং ঢোলমাৰা এলপি স্কুল (ডাইচ ১৮০১০৫২৫৫০১), ২৭১ নং শক্তিআশ্ৰম জেবি স্কুল (ডাইচ ১৮০১০১০০৭০২), ২১০৬ নং শিলগাৰা এলপি স্কুল , শালকোচা(ডাইচ ১৮০১০৫৩৮৭০১), কামাৰপাৰা এলপি স্কুল( ডাইচ ১৮০১০৫২৯৬০১), ৯২৭ নং বাহাকাতি ট্ৰাইবেল এলপি স্কুল (ডাইচ ১৮০১০২৩৬২০১) , ছেৰফাংগুৰী এলপি স্কুল ( ডাইচ ১৮০১০১০২৩০৮), চিৰাং জিলাৰ পশ্চিম পদ্মপুৰ এলপি স্কুল (ডাইচ ১৮২৫০২৩৪৬০২), ২২৬ নং থুংকুবাৰী এলপি স্কুল (ডাইচ ১৮২৫০২২৬৩০৪) , চাপাগুৰী এমই স্কুল (ডাইচ ১৮২৫০২২৩৫০২), ২২৫ নং পশ্চিম এংকৰবাৰী এলপি স্কুল(ডাইচ ১৮২৫০২১২১০১) আৰু ৩৩৬ নং কামাৰপাৰা প্ৰাথমিক বিদ্যালয় (ডাইচ ১৮২৫০১০৩৪০৮) ।
প্ৰণিধানযোগ্য যে কোকৰাঝাৰ জিলাত ৰাজবংশী ভাষা অন্তৰ্ভূক্তিকৰণ হোৱা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হ'ল ৯ খন হোৱাৰ বিপৰীতে চিৰাং জিলাৰ ৫ খন প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষা অন্তৰ্ভুক্তি হ'ব। এই সন্দৰ্ভত কোকৰাঝাৰৰ বিধায়ক তথা বিটিচিৰ ১২ নং ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীয়ে কয় যে, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ এয়া এক আদৰণীয় পদক্ষেপ আৰু ইয়াৰ দ্বাৰা ৰাজবংশী ভাষাই স্বীকৃতি লাভ কৰিলে। ভাষা উত্তৰণৰ ক্ষেত্ৰত ই এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰব বুলি মন্তব্য কৰে লৰেঞ্চ ইছলাৰীয়ে।
আনহাতে ৰাজবংশী ভাষাক কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৪ খন প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত ভাষা হিচাপে অন্তৰ্ভূক্তি কৰাৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে কোচ ৰাজবংশী সাহিত্য সভাই । কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল বৰ্মনে কয় যে বিষয়টোক লৈ কোচ ৰাজবংশী সাহিত্য সভাই দীৰ্ঘদিনৰ পৰাই লাগি আছিল আৰু অৱশেষত সুফল পালে বুলি মন্তব্য কৰিছে।
তদুপৰি যি ১৪ খন প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষাক অতিৰিক্ত ভাষা বিষয় হিচাপে অন্তৰ্ভূক্তি কৰিলে সেই সমুহ বিদ্যালয়ত ঠিকাভিত্তিত হলেও শিক্ষক নিযুক্তিৰ আহ্বান জনাই কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল বৰ্মনে অহা ২৬ আগষ্টত বিজুলীবাৰী এলপি স্কুলত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৰাজবংশী ভাষা অন্তৰ্ভূক্তিকৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব ।
বিটিচি চৰকাৰৰ পদক্ষেপক শলাগ লৈ এয়া এক ঐতিহাসিক সিদ্ধান্ত আৰু এই সিদ্ধান্তই ৰাজবংশী ভাষাক মৰ্যদা দিছে বুলি মন্তব্য কৰিছে কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল বৰ্মনে ।