/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ, লামডিং : ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈ্ছে। শনিবাৰে নিশা লামডিঙত সাংবাদিকৰ ওপৰত দলবদ্ধ আক্রমণৰ ঘটনা সংঘটিত হৈছে। সাংবাদিকগৰাকীয়ে নিজৰ কৰ্তব্য শেষ কৰি ঘৰলৈ গৈ থকাৰ সময়ত দলবদ্ধ আক্রমণৰ বলি হ'ব লগা বুলি সচেতন মহলে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, প্ৰায় ২০ জনীয়া এটা দুৰ্বৃত্তৰ দলে সাংবাদিকগৰাকীক প্ৰাণে মৰাৰ চেষ্টা চলাছিল। সাংবাদিকগৰাকীৰ নাম সুজিত সৰকাৰ ওৰফে (হৰি)। তেওঁৰ ঘৰ হৈছে লামডিঙত।
আনহাতে আন এক অভিযোগ অনুসৰি দুৰ্বৃত্তৰ দলটোৱে সাংবাদিকগৰাকীৰ সোণৰ চেইন, মোবাইল, ঘড়ী তথা বাইক কাঢ়ি লৈ যায়। ইতিমধ্যে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সোধা পোচাৰ বাবে ২ জনক আটক কৰি থানাত লৈ যায়।
ইফালে আৰক্ষীয়ে ততাতৈয়াকৈ সাংবাদিকগৰাকীক অসামৰিক চিকিৎসালয়ত লৈ যায় । অৱশ্যে উন্নত চিকিৎসাৰ বাবে সুজিত চৰকাৰক অন্য স্থানলৈ প্ৰেৰণ কৰে। তাৰোপৰি ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে লামডিং থানত এজাহাৰ দাখিল কৰাৰ লগতে সুজিত সৰকাৰ ওপৰত হোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়ে লামডিং প্ৰেছ ক্লাবৰ লগতে সচেতন মহলে।