ইটাখোলাৰ পদুমনি গাঁৱত ছাত্ৰী নিৰুদ্দেশৰ ঘটনা

চতিয়াৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ পদুমনি গাঁও নিবাসী দিগন্ত কোঁচ আৰু অঞ্জু কোঁচৰ ১৬ বছৰীয়া কন্যা চুমি কোঁচ শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

author-image
Asomiya Pratidin
New Update
AP FOR WEB itakhola

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ পদুমনি গাঁও নিবাসী দিগন্ত কোঁচ আৰু অঞ্জু কোঁচৰ ১৬ বছৰীয়া কন্যা চুমি কোঁচ শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পিতৃ- মাতৃয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ কন্যা চুমি কোঁচে ২৪ অক্টোবৰ শুক্ৰবাৰে পুৱা বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ৷

কিন্তু সন্ধিয়া পৰ্য্যন্ত তেওঁলোকৰ কন্যাগৰাকী ঘৰলৈ ওভতি নাহিল ৷ ওৰেটো নিশা চিন্তাক্লিষ্ট হৈ থকা পিতৃ মাতৃয়ে পিচদিনা পুৱা বিভিন্ন ঠাইৰ আত্মীয়ৰ ঘৰত খবৰ কৰিও কোনো সন্ধান নাপালে নিজ কন্যাৰ৷

অৱশেষত দুৰ্ভগীয়া পৰিয়ালটিয়ে উপায়হীন হৈ ইটাখোলা আৰক্ষী চকীত কন্যা চুমি কোঁচৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও নিৰুদ্দিষ্টৰ কোনো সন্ধান লাভ কৰা নাই৷

আজি চাৰিটাকৈ দিন ধৰি মেধাবী ছাত্ৰীগৰাকী সন্ধানহীন হৈ থকাৰ খবৰে সকলোকে চিন্তিত কৰাৰ ফলতে শুভাকাংক্ষী গাঁওবাসী ৰাইজ বাসভৱনত উপস্থিত হৈ শোকাকুল পিতৃ মাতৃক সান্তনা দিয় পৰিলক্ষিত হয় ৷ ৰাইজৰ মতে নিৰুদ্দিষ্ট চুমি কোনো দুষ্টচক্ৰৰ কবলত পৰিছে ৷

যিহেতু ইয়াৰ পূৰ্ব্বেও নদুৱাৰ অঞ্চলৰ কেইবাগৰাকীও যুৱতী -মহিলাক দুষ্ট চক্ৰই বিভিন্ন প্ৰলোভনেৰে লৈ গৈ বহিঃৰাজ্যত ধনৰ বিনিময়ত অসাধু চক্ৰৰ হাতত গতাই দিয়াৰ তথ্য উদ্ধাৰ হৈছিল ৷

নিৰুদ্দেশ