চেনিকুঠিত ড০ অসমী গগৈৰ দুখন গ্ৰন্থ উন্মোচন

অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব, বিশিষ্ট লেখিকা ড০ অসমী গগৈৰ  ৰচিত প্ৰবন্ধ সংকলন "নৱ-প্ৰজন্মক গঢ়াৰ আশাৰে" আৰু গল্প সংকলন "সীমান্তৰ ইপাৰে-সিপাৰে" শুভ উন্মোচন কৰা হয়

author-image
Asomiya Pratidin
New Update
210

ডিজিটেল সংবাদ, গুৱাহাটী : অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব, বিশিষ্ট লেখিকা ড০ অসমী গগৈৰ  ৰচিত প্ৰবন্ধ সংকলন "নৱ-প্ৰজন্মক গঢ়াৰ আশাৰে" আৰু গল্প সংকলন "সীমান্তৰ ইপাৰে-সিপাৰে" শুভ উন্মোচন কৰা হয়। সোমবাৰে লেখিকা সংস্থা, অসম, ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়া ন্যাসৰ যুটীয়া উদ্যোগত চেনিকুঠিত অৱস্থিত পশুপালন বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে বন্তি প্লজ্বলন কৰে ন্যাসৰ সভাপতি মহেন্দ্ৰ উড়াই।

মংগলাচৰণ কৰে মঞ্জু গৌতমে । খঞ্জিত পাঠক আৰু তিলোত্তমা বৰুৱাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাত প্ৰবন্ধ সংকলন "নৱ প্ৰজন্মক গঢ়াৰ আশাৰে" উন্মোচন কৰি ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাইৰ প্ৰাক্তন উপাচাৰ্য ড০ অমলেন্দু চক্ৰৱৰ্তীয়ে  কয়- "বিদ্যালয় এখন প্ৰতিষ্ঠাৰ লগে লগে, জেলৰ দুৱাৰ বন্ধ হৈ যায়।  

হৃদয়ৰ দুৱাৰ আমি খুলি ৰাখিব লাগে। এই শতিকাৰ ল'ৰা-ছোৱালীক আমি আনন্দ কৰিবলৈ শিকাব লাগে।  প্ৰেম, শ্ৰুদ্ধা, স্নেহ, ভালপোৱা কি শৈশৱৰ পৰা শিকাৱ লাগে। ন-প্ৰজন্মক কৃত্ৰিম জগতৰ প্ৰতি ঠেলি দিৱ নালাগে। মাতৃভূমি, মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে।"  গল্প সংকলন

"সীমান্তৰ ইপাৰে-সীপাৰে" উন্মোচন কৰি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়, নলবাৰীৰ প্ৰাক্তন উপাচাৰ্য তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ দীপক কুমাৰ শৰ্মাই কয়- "গ্ৰন্থ উন্মোচনৰ দৰে ভাল কাম একো নাই। অসমী গগৈয়ে দুখন গ্ৰন্থ একেলগে উন্মোচন কৰি আমাক আহ্লাদিত কৰিলে।  দুয়োখন গ্ৰন্থ বিদ্যায়তনিক, সৃজনাত্মক। সকলো কৰ্মতকৈ শ্ৰেষ্ঠ সাহিত্য সাধনা। প্ৰতিগৰাকী মানুহৰ সক্ষমতা সকলোতে থাকে।

জন্মসূত্ৰে মানুহৰ প্ৰতিভা কম-বেছি থাকে।  কঠোৰ পৰিশ্ৰম, অনুশীলন কৰা লোকসকলৰ সদায় উন্নতি হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা ড০ ভূপেন হাজৰিকাৰ লগত তুলনা কৰিব নালাগে।" সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত লেখিকা সংস্থা, অসমৰ  প্ৰাক্তন সভাপতি মৃদুলা শৰ্মা, অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই  সন্মানীয় অতিথিৰ ভাষণত লেখিকা অসমী গগৈয়ে নতুন প্ৰজন্মক লৈ লিখা গ্ৰন্থখন এক মাইলৰ খুটি বুলি অভিহিত কৰে। প্ৰতিগৰাকী অভিভাৱক, ন-প্ৰজন্মই গ্ৰন্থখন ক্ৰয় কৰিব ।

লেখিকা ড০ অসমী গগৈয়ে আদৰণি ভাষণ দিয়া সভাত অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিৱ অঞ্জন শৰ্মাইও বক্তব্য প্ৰদান কৰে। সভাত ড০ প্ৰণীতা শৰ্মা বৰদলৈ, ড০ বৈজয়ন্তী গোস্বামীয়ে কবিতা পাঠ কৰে।

গ্ৰন্থ উন্মোচন