/asomiyapratidin/media/media_files/2025/11/10/1-2025-11-10-13-48-47.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱাতো সোমবাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ নতুন ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীসকলক ৰাজসাহাৰ্য্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠান আয়োজন কৰা হয়।
উল্লেখ্য যে, ৰাষ্টীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে নতুন ৰাজসাহাৰ্য্যযুক্ত খাদ্য সামগ্ৰী মচুৰ দাইল ৬৯, চেনি ৩৮, নিমখ ১০ টকাত আজিৰে পৰা উপলব্ধ হব। লগতে অহা ১ জানুৱাৰীৰ পৰা দাইল ৬০, চেনি ৩০, নিমখ ১০ টকাত উপলব্ধ হব। খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিতলৈ ব্যবস্থাৰ জড়িয়তে প্ৰতি মাহে ১-১০ তাৰিখলৈ অন্ন সেৱা দিনতে গ্ৰাহকে লাভ কৰিব।
এই উপলক্ষে নগাঁও জিলাৰ বটদ্ৰৱা বৰহিছা গাঁৱৰ ৱাৰ্ড নং ২ ত থকা পংকজ কলিতাৰ সুলভ মূল্যৰ দোকানত অনুষ্ঠিত অনুষ্ঠানত ৰাইডঙীয়া-বটদ্ৰবা পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ দীপশিখা কলিতাই এই ৰাজসাহাৰ্য্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ যোগান আঁচনিৰ শুভাৰম্ভনি কৰে। সাংবাদিক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত সমাজকৰ্মী মোহন বৰুৱাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us