বৰমা বি কে ভাণ্ডাৰী শিশু বিদ্যালয়ত বালা কাৰ্যসূচীৰ শুভ উদ্বোধন

এন ই এ আই ডিৰ উদ্যোগত এল আই চি এইচ এফ এলৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ সৌজন্যত, সমগ্র শিক্ষা অভিযান(SSA)ৰ সহযোগত বিদ্যালয়সমূহত শিশু শিক্ষাৰ অনুভৱ উন্নত কৰি তুলিবৰ বাবে প্ৰচেষ্টা গ্রহণ কৰা হৈছে ৷

author-image
Asomiya Pratidin
New Update
515

ডিজিটেল সংবাদ, বৰমা : বিদ্যালয় শিক্ষা ব্যৱস্থাৰ এক অংশ হিচাপে 'দ্য বিল্ডিং এজ এ লাৰ্নিং এইড'ৰ জৰিয়তে নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটি এক্সন অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট চমুকৈ এন ই এ আই ডিৰ উদ্যোগত এল আই চি এইচ এফ এলৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ সৌজন্যত, সমগ্র শিক্ষা অভিযান(SSA)ৰ সহযোগত বিদ্যালয়সমূহত শিশু শিক্ষাৰ অনুভৱ উন্নত কৰি তুলিবৰ বাবে প্ৰচেষ্টা গ্রহণ কৰা হৈছে ৷

চিত্ৰ আৰু দৃশ্যগত উপাদান ব্যৱহাৰ কৰি শিক্ষাক অধিক আকৰ্ষণীয় আৰু কল্পনাশক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লোৱা হৈছে। নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটিণএক্সন অন ইন্টিগ্ৰেটেড ডেভেলপমেণ্ট চমুকৈ এনইএআইডি(NEAID) উদ্যোগত এলআইচি এইচএফএল(LIC- HFL)ৰ সৌজন্যত ৰাজ্যৰ বাক্সা জিলা আৰু মৰিগাঁও জিলাৰ পাঁচখন বিদ্যালয়ত এই কাৰ্যসূচী আৰম্ভ হৈছে।

মঙলবাৰে আনুষ্ঠানিকভাৱে বাক্সা জিলাৰ বৰমাস্থ  বি কে ভাণ্ডাৰী শিশু বিদ্যালয়ত এই বালা কাৰ্যসূচী শুভ উদ্বোধন কৰি নৱনিৰ্মিত বালা সম্বলিত এটি আটকধুনীয়া শ্ৰেণীকোঠাৰ দুৱাৰ মুকলি কৰা হয়। তদুপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণি ভাষন প্ৰদান কৰে এনইএআইডিৰ অধ্যক্ষ মিৰাজ আহমেদে।

অনুষ্ঠানটিত অংশগ্ৰহন কৰি এল আই চি এইচ এফ এলৰ অৰিজিনেল হেড অভিনৱ দাসে "এল আই চি এইচ এফ এলৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ বিভিন্ন পদক্ষেপৰ বিষয়ে বিশ্লেষণ কৰি দৃষ্টিভংগী আৰু লক্ষ্য, উদেশ্য বিষয়ে অৱগত কৰে। লগতে তেওঁ অতি গুণগত মানৰ কাম কৰাৰ বাবে এনইএআইডি(NEAID)ৰ  শলাগ লয়।

লগতে তেওঁ বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃ গোটৰ সৈতে মত বিনিময় কৰি তেখেতসকলৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ সহায়ক হিচাপে শ্ৰেণীকোঠাৰ দেৱালত শৈক্ষিক ছবি আঁকি, প্ৰয়োজন সাপেক্ষে নতুন শ্ৰেণীকোঠা নিৰ্মাণ কৰি, নতুন ডেক্স বেঞ্চ, শিক্ষকৰ টেবুল চকী, বিশুদ্ধ খোৱা পানীৰ বাবে উন্নত মানৰ পানী ফিল্টাৰৰ যোগান ধৰা হৈছে।

বিকাশ আৰু প্ৰভাৱশালী ব্যৱহাৰৰ দ্বাৰা বুনিয়াদী সাক্ষৰতা আৰু শৈক্ষিক উত্তৰনৰ বাবে এলআইচি এইচএফএল(LIC- HFL)ৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ এই সমগ্ৰ অৰ্থ সাহাৰ্য্যৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। 
উল্লেখ্য যে এলআইচি এইচএফএল(LIC- HFL)ৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ দ্বাৰা বি কে ভাণ্ডাৰী শিশু বিদ্যালয়ত এটা শ্ৰেণীকোঠা নতুনকৈ নিৰ্মাণ কৰা হৈছে।

বাক্সা জিলাৰ বাৰমাস্থ  বি কে ভাণ্ডাৰী শিশু বিদ্যালয়, বৰমা উত্তৰ বজাৰ এল পি আৰু ৫৭০ নং বাৰমা সুমতি এল পি স্কুলৰ শ্ৰেণীকোঠাত বালা সম্বলিত ছবি অংকন কৰা হৈছে। উক্ত তিনিওখন বিদ্যালয়তে এখনকৈ জাননী বৰ্ড স্থাপন কৰা হৈছে।

লগতে তিনিওখন বিদ্যালয়ত সুৰক্ষিত লোহাৰ ষ্টেণ্ডৰ সৈতে পানী ফিল্টাৰ স্থাপন কৰা হৈছে। ইয়াৰোপৰি তিনিওখন বিদ্যালয়তে ষ্টেণ্ডৰ সৈতে সেউজীয়া বৰ্ড প্ৰদান কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ বাবে ⁠আৰামযোগ্য ডেস্ক - বেঞ্চ, শিক্ষকৰ বাবে টেবুল আৰু চকীও প্ৰদান কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাহৰ পুলি ৰোপন কৰা হয়। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত বাক্সা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জেহিৰুল ইছলাম, জিলা প্ৰকল্প বিষয়া প্ৰনৱ কলিতা, বি কে ভাণ্ডাৰী শিশু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত বৰ্মন, মাতৃ গোটৰ সভানেত্ৰী মাছুমা আখতাৰ, বি কে ভাণ্ডাৰী আশ্ৰমৰ সভাপতি খনিন দাস, এন ই এ আই ডিৰ কৰ্মকৰ্তা অনুৰাগ কৰ, নাছৰিন চুলতানা ইছলাম, প্ৰধান শিক্ষক ফৰজান আলী, আম্বিয়া বেগম, গোপাল কলিতাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। 

বৰমা