ন'য়ডা হাট কাৰ্যালয়ত এপিডব্লিউএৰ পুথিভঁৰাল উদ্বোধন

দেওবাৰে এপিডাব্লিউএ (APWA)ৰ ন'য়ডা হাট কাৰ্যালয়ত এটা গ্ৰন্থাগাৰৰ উদ্বোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
SDSDSDSDSDWERYJUJUYJ

ডিজিটেল ডেস্কঃ দেওবাৰে এপিডাব্লিউএ (APWA)ৰ ন'য়ডা হাট কাৰ্যালয়ত এটা গ্ৰন্থাগাৰৰ উদ্বোধন কৰা হয়। এপিডাব্লিউএ সমুদায়ৰ সক্ৰিয় অংশগ্ৰহণেৰে পৰিচালিত হব লগা এই গ্ৰন্থাগাৰৰ দায়িত্বপূৰ্ণ পৰিচালনাৰ বাবে ইতিমধ্যে বিশেষ গ্ৰন্থাগাৰ সমিতি গঠন কৰা হৈছে। সমিতিখনে গ্ৰন্থাগাৰৰ দৈনন্দিন কাৰ্য, সংৰক্ষণ আৰু ভৱিষ্যৎ বিকাশত মুখ্য ভূমিকা গ্ৰহণ কৰিব।

আয়োজকসকলে জানিবলৈ দিয়া অনুসৰি, দিল্লীত সহজে নোপোৱা বৈচিত্ৰ্যময় কিতাপ যোগানেৰে পাঠকৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান ৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। সেয়ে প্ৰতিষ্ঠানটোৱে অসমৰ যিকোনো স্থান ভ্ৰমণৰ সময়ত অন্তত দুখন কিতাপ লৈ আহি গ্ৰন্থাগাৰলৈ দান কৰিবলৈ সকলো সদস্যক আহ্বান জনাইছে।

NOIDA