/asomiyapratidin/media/media_files/2025/11/22/9-2025-11-22-17-45-44.jpg)
ডিজিটেল ডেস্কঃ উৰিয়াগাওঁ আঞ্চলিক উন্নয়ন সমিতি উৰিয়াগাওঁ ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত দেওবাৰৰ পৰা তৃতীয় বাৰ্ষিক ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণি হ'ব । এই খেলখলত সূৰ্যকণ্ঠ জুবিন গাৰ্গলৈ উৎসৰ্গিত কৰি শুভাৰম্ভণি কৰিব । দিনৰ ১২.০০ বজাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্য্যসূচীৰে আৰম্ভণি কৰিব নগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ।
উল্লেখ্য যে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি পৰিৱেশন কৰি খেল উদ্ধোধন কৰিব নগাঁও বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়কে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব তপন কুমাৰ দাস , প্ৰান্তৰ ভট্টাচাৰ্য, গীতাঞ্জলি হাজৰিকা, দীপমণি বড়া, গৌৰী শংকৰ শইকীয়া, প্ৰবাল শৰ্মা, সীমান্ত বৰা, সুৰেশ বৰা, প্ৰতীম বৰুৱা, ৰাণু বৰা, জয়ন্ত বৰা ।অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকিব অজয় ফুকন সংগীত শিল্পী তথা জুবিন গাৰ্গ আৰ্টিষ্ট ইলেভেনৰ খেলুৱৈ।
তাৰোপৰি জয়ন্ত কাকতি,সংগীত শিল্পী তথা জুবিন গাৰ্গ আৰ্টিষ্ট ইলেভেনৰ খেলুৱৈ। হিৰক জ্যোতি বৰা,হিউমেন ৰাইটচ ডিফেণ্ডাৰ, ৰাষ্ট্ৰ সংঘ,জেনেভা, চুইজাৰলেণ্ড ।খেলখন মধ্য অসমৰ মুঠ ৮ টা দলৰ মাজত অনুষ্ঠিত হ'ব বুলি উদ্যোগতা সমিতিয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us