নগাঁৱত কৃষি সামগ্ৰী ব্যৱসায়ীৰ ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক সমবায় সমিতিৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত "কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচী"ৰ মঙলবাৰে শুভাৰম্ভণি হয়।

author-image
Asomiya Pratidin
New Update
514

ডিজিটেল সংবাদ, বটদ্ৰৱা : অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক সমবায় সমিতিৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত "কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচী"ৰ মঙলবাৰে শুভাৰম্ভণি হয়। শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত অনুষ্ঠিত অনুষ্ঠানটিত আৰম্ভণি ভাষণ প্ৰদান কৰে কেন্দ্ৰটিৰ বিজ্ঞানী তথা মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই।

WhatsApp Image 2025-12-23 at 3.25.03 PM

তেওঁ কয়-  "কৃষি সামগ্ৰী ব্যৱসায়ী সকলক এই ১৫ দিনীয়া প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়োজনীয় জ্ঞানেৰে সমৃদ্ধ কৰি উপযুক্ত সময়ত কৃষক সকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ মজুত ৰাখি সহায় কৰাৰ, লগতে কৃষি ব্যৱস্থাপনা, বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জড়িয়তে কৃষক সকলৰ উত্তম কৃষি কাৰ্যত সহযোগিতা কৰা কৰ্তব্য পালন কৰিব।"

অনুষ্ঠানত অতিথি ৰূপে অংশ গ্ৰহণ কৰি নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক (Deputy Registrar of Cooperative Societies (DRCS)) মৰমী ভকত(Bhakat) এ ভষণ প্ৰদান কৰি  "কৃষি সামগ্ৰী ব্যৱসায়ী সকলে একাগ্ৰতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰবৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষক সকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিলে 
কৃষক সকল উপকৃত হব" বুলি প্ৰকাশ কৰে। 

WhatsApp Image 2025-12-23 at 3.25.04 PM

কেন্দ্ৰৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানটি উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়ে, পাম পৰিচালক শংকু মনি শৰ্মাকে আদি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৰ্মচাৰীসকল উপস্থিত থাকে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ ২২ খন সমবায় সমিতিৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচী ১২ জানুৱাৰীত সামৰণি পৰিব।

কৃষি