অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন : ১৮,৫৩০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ এই দিনটোত ১৮,৫৩০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব। তেওঁৰ এই ভ্ৰমণকালত ৪,৫৩০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ শিলান্যাস কৰিব।

author-image
Asomiya Pratidin
New Update
343

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচীৰে ১৩ ছেপ্তেম্বৰ ২০২৫ৰ সন্ধিয়া অসমত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ভ্ৰমণৰ প্ৰথম দিনটোত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্য সম্পন্ন কৰাৰ পাছত দেওবাৰে দ্বিতীয় দিনা মঙলদৈ, নুমলীগড়ত কেতবোৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।    

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ এই দিনটোত ১৮,৫৩০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব। তেওঁৰ এই ভ্ৰমণকালত ৪,৫৩০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ শিলান্যাস কৰিব। এই ৰিং ৰোডটো হ’ব ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ।

একেদৰে ১,২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা ২.৯ কিলোমিটাৰ দৈৰ্ঘৰ গুৱাহাটী- কুৰুৱা সংযোগী দলঙৰ শিলান্যাস কৰিব। ইয়াৰ উপৰি দৰঙত জি এন এম বিদ্যালয় আৰু বি এছ চি নাৰ্চিং মহাবিদ্যালয়ৰ শিলান্যাস কৰিব। এই প্ৰকল্পৰ বাবে ব্যয় কৰিব ৫৭০ কোটি টকা। একেসময়তে ৪৩০ খন বিচনাযুক্ত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শিলান্যাস কৰিব মঙলদৈত। 

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ মাজতে উপস্থিত হ’ব নুমলীগড়ত। দিনৰ ২-১৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হ’ব নুমলীগড়ত। তাত তেওঁ বিশ্বৰ প্ৰথমটো বাঁহ ব্যৱহৃত দ্বিতীয় স্তৰৰ বায়’ ইথান’ল প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে ৫,০০০ কোটি টকা। তাৰোপৰি পলিপ্ৰপিন প্ৰকল্পৰ শিলান্যাস কৰিব মোডীয়ে। এই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে ব্যয় কৰিব ৭,২৩০ কোটি টকা।

প্ৰধানমন্ত্ৰী