/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/7ae6f6d4-fa31-4161-b2f2-de169cd3ab26.jpg)
ডিজিটেল ডেস্কঃ আপুনি কেতিয়াবা শুনিছেনে মৃত্যুৰ পিছত কোনো লোকৰ সুন্দৰ ভৱিষ্যত কামনা কৰা। নিশ্চয় শুনা নাই। কাৰণ মৃত্যুৰ পিছত কোনো লোকে আপোনাৰ শুভেচ্ছা অথবা কথা শুনিব নোৱাৰে। পিছে ভাৰতত এতিয়া এনে কিছু ঘটনা দৈনিক সংঘটিত হয়, যি ঘটনা শুনিলে প্ৰতিজন লোকে আচৰিত হয়। উত্তৰ প্ৰদেশতো তেনে এক ঘটনাই সংঘটিত হৈছে।
যোৱা মাহত মৃত্যু হোৱা এজন লোকৰ মৃত বুলি ঘোষণা কৰা প্ৰমাণপত্ৰত গাঁওবুঢ়া গৰাকীয়ে লিখিলে লোকজনৰ সুন্দৰ ভৱিষ্যত ("Main inke ujjwal bhavishya ki kaamna karta hoon'') কামনা কৰে বুলি। উন্নাৱৰ অশোকাত এই ঘটনা সংঘটিত হৈছে। জানুৱাৰী ২২ তাৰিখে লক্ষ্মীশংকৰ নামৰ লোকজমৰ মৃত্যু হৈছিল।
তাৰ পিছত তেওঁৰ পুত্ৰই গাঁওবুঢ়াৰ ওচৰলৈ গৈ কিছু বিত্তীয় কাৰণত ব্যৱহাৰ কৰিব পৰাকৈ মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰি গৈছিল। তাৰ পিছতে বাবুলাল নামৰ গাঁওবুঢ়াগৰাকীয়ে এখন মৃত্যুৰ প্ৰমাণ পত্ৰ দিছিল। সেইখিনিলৈকে সকলো ঠিকে আছিল। তাৰ পিছতে লাগিল অথন্তৰ। কাৰণ মৃত লোকজনৰ সুন্দৰ ভৱিষ্যতৰ কামনা কৰিলে বাবুলালে।
ইতিমধ্যে সেই প্ৰমাণপত্ৰখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সোমবাৰৰ পৰা বিশেষকৈ ভাইৰেল হোৱা প্ৰমাণপত্ৰখনক লৈ ইতিমধ্যে ক্ষমাও বিচাৰিছে গাঁওবুঢ়াগৰাকীয়ে।