/asomiyapratidin/media/media_files/2026/01/23/690-2026-01-23-23-44-07.jpg)
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শুকুৰবাৰে ত্ৰিপুৰা ভ্ৰমণ কৰি চুবুৰীয়া ৰাজ্যখনৰ উন্নয়নৰ বাবে ৮টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে শুভ উদ্বোধন কৰে। এই প্ৰকল্পকেইটাৰ বাবে মুঠ ৩৬৫ কোটি টকা ব্যয় কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখযোগ্য যে, এই প্ৰকল্পসমূহে ৰাজ্যখনৰ পথ সংযোগ, পৰ্যটন, শক্তি আৰু জনজাতীয় অঞ্চলৰ সামগ্ৰিক উন্নয়নক এক নতুন মাত্ৰা প্ৰদান কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-image-2026-01-2-2026-01-23-23-44-24.jpeg)
এই সম্পৰ্কত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘অষ্টলক্ষ্মী’ দৃষ্টিভংগীৰ অধীনত উত্তৰ-পূৰ্বাঞ্চল এতিয়া কেৱল এক ভৌগোলিক সীমান্ত হৈ থকা নাই। বৰঞ্চ ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে কাম কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/23/whatsapp-image-2026-2026-01-23-23-44-39.jpeg)
উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ এই ভ্ৰমণকালত ২৭০ কোটি টকা ব্যয়ৰে ৫টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল জতনবাৰী-মন্দিৰঘাট পথ (১৩.৭৭৫ কিমি) আৰু আনটো ২৮.৯০ কিমি দৈৰ্ঘ্যৰ পথৰ উন্নীতকৰণ। এই পথসমূহ নিৰ্মাণৰ ফলত গাঁও, বজাৰ, বিদ্যালয় আৰু চিকিৎসালয়ৰ মাজত যাতায়ত সহজ কৰি তুলিব।
একেদৰে পৰ্যটন, সংস্কৃতি আৰু শক্তি খণ্ডৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। তাৰোপৰি ৯৫ কোটি টকা ব্যয়ৰে নিৰ্মিত আন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে তেওঁ। এই প্ৰকল্পই ৰাজ্যখনৰ পাহাৰীয়া আৰু ভিতৰুৱা অঞ্চলক সংযোগ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us