/asomiyapratidin/media/media_files/2025/10/02/461-2025-10-02-18-15-41.jpg)
ডিজিটেল ডেস্ক : দুষ্টক দমন আৰু সন্তক পালনৰ অৰ্থে সমগ্ৰ ভাৰতবৰ্ষত অতীজৰে পৰা পৰম্পৰা ৰক্ষা কৰি পালন কৰি অহা হৈছে 'দশেৰা' । ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ বিশাল প্ৰতিকৃতি জ্বলাৰ লগে লগে ফটকা - আতচবাজীৰে মুখৰিত হয় চৌদিশ আৰু ভাঁহি আহে 'জয় শ্ৰীৰাম' ধ্বনি ।
কিন্তু ভাৰতবৰ্ষৰ স্থানভেদে ইয়াক আয়োজন কৰা হয় ভিন্নভাৱে । কিছু কিছু স্থানত আজিও দাহ কৰা নহয় ৰাৱণক । ইয়াৰ কাৰণসমূহো হৃদয়স্পৰ্শী। কোনো স্থানত যদি তেওঁৰ জন্মস্থান বুলি ভবা হয়, আন কোনোৱে ৰাৱণক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি গন্য কৰে।
আন কোনোৱে আকৌ তেওঁলোকৰ জোঁৱাই বুলি ভাবে। একেদৰে কোনোৱে শিৱভক্ত হোৱাৰ বাবে তেওঁৰ প্ৰতিকৃতি দাহন নকৰে । তেন্তে জানো আহক দেশৰ সেই স্থানসমূহৰ বিষয়ে, য'ত দাহ কৰা নহয় ৰাৱণৰ প্ৰতিকৃতি ।
উত্তৰ প্ৰদেশৰ বিছৰখত ৰাৱণৰ প্ৰতিকৃতি দান কৰা নহয়। গৌতম বুদ্ধ নগৰ জিলাৰ বিছৰখ গাঁওখনক ৰাৱণৰ জন্মভূমি হিচাপে গণ্য কৰা হয় । কোৱা হয় যে ঋষি বিশ্ৰৱা আৰু কেকছীৰ ঘৰত ৰাৱণৰ জন্ম হৈছিল ।
এই কাৰণতে দশেৰাত এই গাঁওখনত ৰাৱণৰ প্ৰতিকৃতি দাহ কৰা নহয় । স্থানীয় লোকসকলে তেওঁক মহান ব্ৰাহ্মণ আৰু শিৱভক্ত হিচাপে মানি আহিছে । দশেৰাৰ দিনা ৰাৱণক দাহ কৰাৰ পৰিৱৰ্তে গাঁওখনত বিশেষভাৱে হোম-যজ্ঞৰ আয়োজন কৰা হয় ।
একেদৰে মধ্য প্ৰদেশৰ মন্দচৌৰতো দান নকৰে ৰাৱণৰ প্ৰতিকৃতি। মন্দচৌৰক ৰাৱণৰ পত্নী মন্দোদৰীৰ পিতৃগৃহ বুলি গণ্য কৰা হয় । ইয়াৰ লোকসকলেও দশেৰাত ৰাৱণ দাহ নকৰে। কিয়নো ৰাৱণ তেওঁলোকৰ আদৰৰ জোঁৱায়েক । এই দিনটোত ঘৰে ঘৰে পূজা আৰু ভোগ উচৰ্গা কৰা হয় ।
ইয়াৰোপৰি ৰাজস্থানৰ যোধপুৰত নকৰে ৰাৱণৰ প্ৰতিকৃতি দাহ। যোধপুৰত ৰাৱণৰ পত্নী মন্দোদৰীৰ পিতৃগৃহৰ পৰম্পৰা জড়িত হৈ আছে । ইয়াত কিছু কিছু সম্প্ৰদায়ে দশেৰাত ৰাৱণ দাহ নকৰে । তেওঁলোকেও ৰাৱণক জোঁৱাই হিচাপে মানি সন্মান প্ৰদৰ্শন কৰে । অঞ্চলটোৰ একাংশ লোকে এই দিনটোত শোক দিৱস হিচাপে পালন কৰে।