/asomiyapratidin/media/media_files/2025/12/15/471-2025-12-15-17-21-33.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ পশ্চিম মুঢ়াদল পঞ্চায়ত এলেকাত সোমবাৰে তিনিটাকৈ চৰকাৰী আঁচনিৰ পুনৰ নিৰ্ম্মানৰ কাম শুভাৰম্ভ কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাসে ৷ ইয়াৰ ভিতৰত বৰদিকৰাই নেপালী চুবুৰীত অংগনবাড়ী কেন্দ্ৰ মেৰামতি , ১ নং বাটমাৰি গাঁৱত কালি মন্দিৰ পুনৰ নিৰ্মাণ, ৰঙাচকুৱা নায়ক বস্তিৰ কালি মন্দিৰ পুনৰ নিৰ্মাণৰ কাম সমুহৰ শুভাৰম্ভ কৰা হয় ৷
আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ভাৰতী দাসে মুঠ ৩ লাখ ৬০ হাজাৰ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্ম্মান হ'ব লগা আঁচনিসমূহ ৰঙা ফিটাকাটি শুভাৰম্ভ কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে চতিয়াৰ খণ্ড উন্নয়ন বিষয়া দৰ্শনা দাস , পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি অজিত পায়েং , শোনিতপুৰ জিলা পৰিষদ সদস্যা ৰেণুকা দেবী, পশ্চিম মুঢ়াদল আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰোশনী থাপা, পঞ্চায়ত পৰ্যাবেক্ষক সঞ্জয় শৰ্মা ,লীলা বৰুৱা আৰু পূৰ্ণ নেৱাৰকে ধৰি বিশিষ্ট ব্যক্তি সকলে।
আঁচনিসমূহৰ শুভাৰম্ভণী অনুষ্ঠান অংশগ্ৰহণ কৰা সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি অজিত পায়েঙে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us