/asomiyapratidin/media/media_files/2025/09/19/366-2025-09-19-22-46-19.jpg)
ডিজিটেল ডেস্ক : আজি অবাক আৰু বাকৰুদ্ধ হৈ পৰিছে অসম। জুবিন গাৰ্গৰ বিয়োগৰ খবৰে শোক-তাপে দগ্ধ কৰিছে দেশৰ লগতে অসমবাসীক।
উল্লেখযোগ্য যে, শুকুৰবাৰে দিনৰ ভাগত ছিংগাপুৰৰ সাগৰতলিত অকাল বিয়োগক সাৱটি লয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গে।জুবিন গাৰ্গৰ মৃত্যুত শোকস্তবদ্ধ হৈ পৰিছে অসমবাসী। ৰাজপথলৈ ওলাই আহি গুণমুগ্ধসকলে হুকহুকাই কান্দি কান্দি আওৰাইছে শিল্পীগৰাকীৰ গীত।
অসমৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি দল- সংগঠনসমূহে জনাইছে শ্ৰদ্ধা। একে সময়তে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি শ্ৰদ্ধ নিবেদন কৰিছে আন্তৰ্জাতিক পৰ্যায়ৰ সংগীত পৰিৱেশক সংস্থা টি-চিৰিজ, সংগীত পৰিচালক প্ৰতীম, অসম সন্তান অংগৰাগ পাপন মহন্ত, কণ্ঠশিল্পী মিকা সিং আদিয়ে।
সংগীত পৰিচালক প্ৰীতমে কয়- জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পাই মই মৰ্মাহত হৈছো। ই এক দুৰ্ভাগ্যজনক। গৰিমা আৰু তেওঁৰ পৰিয়াললৈ মোৰ শোক নিবেদন কৰিলো।
আনহাতে টি-চিৰিজে সামাজিক মাধ্যমত উল্লেখ কৰিছে এইদৰে - আমাৰ প্ৰাণৰ শিল্পী কিংবদন্তি জুবিন গাৰ্গৰ মৃত্যুত আমি দুঃখিত। জুবিন সদায় আমাৰ মাজত থাকিব।
একেদৰে পাপনেও উল্লেখ কৰিছে এইবুলি- জুবিন গাৰ্গ এটা প্ৰজন্মৰ কণ্ঠ আছিল। অতি সোনকালে তেওঁ গ’লগৈ। এজন ভাতৃক হেৰুৱালো। তেওঁৰ আত্মাৰ শান্তি কামনা কৰিলো।
তাৰোপৰি লুৰীণজ্যোতি গগৈয়েও জনাইছে শ্ৰদ্ধা। তেওঁ সামাজিক মাধ্যমযোগে শ্ৰদ্ধা জনাইছে এইদৰে- জুবিন গাৰ্গ ডাঙৰীয়াৰ আকস্মিক বিয়োগত থমকি ৰৈছোঁ। জাতিৰ পৰিচয়, জাতিৰ স্বাভিমান জুবিন গাৰ্গ নামৰ সদাউজ্জীৱিত সত্তাটিৰ বিয়োগত আমি অবাক, বাকৰুদ্ধ আৰু বেদনাদগ্ধ।
ভাৰতৰ সাংস্কৃতিক আকাশৰ চিৰপ্ৰোজ্জ্বল নক্ষত্ৰটি আজি খহি পৰিল। সৃষ্টি, সাধনা আৰু দায়বদ্ধতাৰে অসমীয়া মানুহৰ হৃদয় জয় কৰা জুবিন গাৰ্গে যিধৰণে অসমৰ সমাজ, সংস্কৃতি আৰু সংগীতক সমৃদ্ধ কৰি গ’ল, সেয়া বৰলুইত প্ৰবহমান হৈ থকালৈ যুগে যুগে স্পন্দিত আৰু বন্দিত হৈ ৰ’ব।
আপোনাৰ স্মৃতি, আপোনাৰ গীত, আপোনাৰ কথা, আপোনাৰ ধেমালি আৰু আপোনাৰ অসামান্য অৱদান আমাৰ হৃদয়ত সদায়েই দূৰ আকাশৰ নিচুক তৰাটিৰ দৰে দৰে জিলিকি থাকিব। আপুনি সূৰ্য, অসমৰ। আপুনিয়েই এই কেঁচামাটিৰ সুবাস। আপুনি জাতিটোৰ সকাহৰ উশাহ...
ঈশ্বৰে আপোনাক স্বৰ্গীয় চিৰপ্ৰশান্তি প্ৰদান কৰক। য’তেই আছে, শান্তিত থাকক দেই। মৰমত থাকক। আমি উমলি থাকিম আপোনাৰ গান আৰু শব্দৰ মাজত...